নিউজ ডেস্কঃ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰো বিভিন্ন প্ৰান্তত ভূমিস্খলন আৰু বানৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশত ভূমিস্খলন হোৱা বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ ৰাজধানী শ্বিলঙৰো বিভিন্ন পথত বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৃষ্টিপাতৰ ফলত। আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ৰাজ্যখনৰ পল, ৰাণীকৰ, নংষ্টইন আৰু স্মীট এলেকাত। তদুপৰি পূব খাচী হিলছ জিলাৰো মাৱৰিংনেং, নংক্ৰেম আৰু নহৰোন এলেকাতো একেই অৱস্থা।

এই বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে। পৰিবহনৰ ক্ষেত্ৰতো পৰিছে ইয়াৰ প্ৰভাৱ। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অসম, মেঘালয় আৰু অৰুণাচলপ্ৰদেশত ১১ মে’ৰ পৰা ১৫ মে’লৈকে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।