নিউজ ডেস্ক : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয় চৰকাৰে আলোচনা চলাই থকাৰ মাজতে মেঘালয়ৰ ৰিভই জিলাত অসম আৰক্ষীৰ জোৱানে চুবুৰীয়া ৰাজ্যখনৰ দুজন যুৱকক মাৰপিট কৰাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৰিভই জিলাৰ উমলাপেৰ গাঁৱত উক্ত ঘটনা সংঘটিত হয়।
জানিব পৰা মতে অসম আৰক্ষীৰ প্ৰহাৰত মেঘালয়ৰ দুজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজন যুৱকে কোনোমতে নিজক বচাই তাৰ পৰা পলায়ন কৰে।
যুৱক তিনিজনে সেই সময়ত মাউলাছনাইৰ পৰা নিজৰ ঘৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
উক্ত ঘটনাৰ পিছতে অঞ্চলটোৰ স্থানীয় লোকে অসম আৰক্ষীৰ বিৰুদ্ধে ৰাস্তালৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
উমলাপেৰৰ গাঁওবাসীয়ে অঞ্চলটোত স্বাধীনতা দিৱসৰ আগে আগে স্থাপন কৰা অসম আৰক্ষীৰ অস্থায়ী শিবিৰটো তাৰ পৰা আঁতৰাই নিবলৈ দাবী জনায়।
ঘটনাৰ পিছতে কাৰ্বি আংলং আৰু ৰিভই জিলাৰ জিলা বিষয়াসকল মিলিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
প্ৰাপ্ত তথ্য মতে, অসম আৰক্ষীয়ে গাঁওখনত থকা আৰক্ষীৰ অস্থায়ী শিবিৰটো তাৰ পৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়ক : আজিও আইচিইউত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে মৰিধলৰ ছাত্রী নন্দিতাই