ছয়গাওঁঃ অসম চৰকাৰৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি অনিহাৰ পৰিণতিতেই চাৰিওফালে চুবুৰীয়া ৰাজ্যসমূহে চলাই আহিছে আগ্ৰাসন। মেঘালয়েও দীৰ্ঘদিন ধৰি চলে বলে কৌশলে অসমৰ ভূমিত আগ্ৰাসী মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ উকিয়ামত এইবাৰ মেঘালয়ৰ ত্ৰিশ- চল্লিশজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে চলালে তাণ্ডৱ। উকিয়ামৰ পশ্চিম দিশত অসমৰ ভূমিত পাহাৰীয়া কেইবাবিঘা ভূমিত থকা তামোলৰ বাগান দুৰ্বৃত্তৰ দলে এফালৰ পৰা অনিষ্ট কৰাৰ লগতে বাসগৃহসমূহো একেবাৰে ভাঙি তহিলং কৰে। প্ৰহাৰ কৰিলে খেতি কৰি থকা অসমীয়া লোককো। কোনোমতে পলাইহে কেইবাজনো লোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

কেৱল এয়াই নহয় প্ৰায়েই মেঘালয়ৰ দুৰ্বৃত্তই প্ৰৱেশ কৰি এই সমূহ অঞ্চলত তাণ্ডৱ চলাই আহিছে। যাৰ বলি হৈছে অসমৰ সাধাৰণ গঞা। ইমানৰ পিছতো অসম চৰকাৰ সদায়ে সীমান্ত অঞ্চলসমূহৰ প্ৰতি অৱহেলাৰ কৰা দেখা গৈছে। এই ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগীলোকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply