ঢলপুৰৰ উচ্ছেদিত লোকৰ অস্থায়ী আশ্ৰয় শিবিৰ

নিউজ ডেস্ক : অসম চৰকাৰে ইচ্ছাপূৰ্বক, বৈষম্যমূলক আৰু অবৈধ উচ্ছেদৰ নামত ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত ‘নিৰ্য্যাতন’ চলাই আহিছে, এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ।

এই অভিযোগ তুলি সোমবাৰে আমছুয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। চৰকাৰে চলোৱা উচ্ছেদৰ বলি হোৱা লোকসকলে মুকলিত দিন পাৰ কৰিব লগীয়া হৈছে বুলি উল্লেখ কৰি সংগঠনটোৱে প্ৰধান মন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়।

প্ৰধান মন্ত্ৰীৰ প্ৰতি আমছুৰ আহ্বান যাতে তেওঁ সোনকালে বিষয়টোত হস্তক্ষেপ কৰি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু মাটিৰ পট্টা তথা অন্যান্য সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰে।

দুজনকৈ লোকে মৃত্যুক সাবটিব লগীয়া হোৱা যোৱা ছেপ্টেম্বৰ মাহত দৰং জিলাৰ গৰুখুটিত প্ৰশাসনে চলোৱা বৰ্বৰ উচ্ছেদ অভিযানক গৰিহণা জনোৱাৰ লগতে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত আমছুয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম পুনৰ আৰম্ভ কৰি ইয়াক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাপ্ত কৰিবলৈ দাবী জনায়।

সোমবাৰে নতুন দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত চলা অৱস্থান ধৰ্মঘটস্থলীত থকা আৰক্ষী বিষয়াৰ জৰিয়তে সংগঠনটোৱে প্ৰধান মন্ত্ৰীলৈ উক্ত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত সোমবাৰে ৰাজ্য চৰকাৰে পুনৰ হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত আন এক উচ্ছেদ অভিযান আৰম্ভ কৰে।

সংগঠনটোৰ মতে যিহেতু বানপানী, গৰাখহনীয়া আদিৰ কবলত পৰি বিভিন্ন সময়ত চৰ অঞ্চলত বাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে আন ঠাইলৈ উঠি যাবলৈ বাধ্য হয় গতিকে চৰকাৰে উচ্ছেদ চলোৱাৰ আগতে এনে কথাবিলাক বিচাৰ বিবেচনা কৰা প্ৰয়োজন।

দেশৰ নাগৰিক হিচাপে উচ্ছেদৰ বলি হোৱা লোকসকলে পুনৰ সংস্থাপন লাভ কৰা সাংবিধানিক অধিকাৰ বুলি উল্লেখ কৰি শাসনত বহা কোনো এখন চৰকাৰেই এই লোকসকলক পুনৰ সংস্থাপন দিয়াত বিফল হোৱা বুলি আমছুয়ে মন্তব্য কৰে।

লগতে পঢ়ক : লামডিং বনাঞ্চলৰ উচ্চেদ অভিযান দ্বিতীয়দিনাও অব্যাহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply