মানকাচৰ : সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ব্যক্তিগত বিদ্যালয় শিক্ষক সন্থাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মানকাচৰ আৰু দক্ষিণ শালমাৰাৰ বিধায়কক ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক সকলক আৰ্থিক অনুদান দিয়াৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। ক’ভিড পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষক-কৰ্মচাৰীসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে।

সামান্য দৰমহা লাভ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰিয়ে পৰিয়ালক পোহপাল দি আহিছে যদিও বিগত প্ৰায় দুটা বছৰে বিদ্যালয় বন্ধ হৈ থকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকল সঠিকভাৱে দৰমহা লাভ কৰা নাই। সেয়ে সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষক সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সন্থাটোৱে মানকাচৰৰ বিধায়ক আমিনুল ইছলামকো এই স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰদান কৰে।

লগতে পঢ়ক :  ছিপাঝাৰত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ ক্ষোভ

ব্যক্তিগত শিক্ষক সন্থাই এই স্মাৰক পত্ৰত মুঠ ৯ টাকৈ দাবী উত্থাপন কৰিছে। শিক্ষক-কৰ্মচাৰী সকলক চৰকাৰীভাৱে আৰ্থিক অনুদান দিব লাগে, ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগম লিমিটেড আৰু ছেবাৰ অধীনত পাঠ্যপুথি ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ যোগান ধৰিব লাগে, ব্যক্তিগত খণ্ডৰ প্ৰতিখন বিদ্যালয় চৰকাৰী পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে, ৰাজ্যৰ প্ৰতিটো বিদ্যালয়ৰ মাচুল নীতি এক সমতুল্য কৰিব লাগে, শিল্পী-সাহিত্যিকৰ দৰে ব্যক্তিগত বিদ্যালয়ৰ সমূহৰ শিক্ষক কৰ্মচাৰীৰ বাবে চৰকাৰী পেঞ্চন, বীমা, চিকিৎসা আদিৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ দাবী উথাপন কৰিছে সন্থাটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply