টীয়ক: কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ চেলংহাট হেল্থ ক্লাৱৰ হৈ সমাজকৰ্মী তুষাৰ পালে জিলাখনৰ বৃহত্তৰ কোম্পানী অধ্যুষিত চাহ বাগিছাৰ শ্ৰমিক কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ যোৰহাট জিলা উপায়ুক্তলৈ সোমবাৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লিনা পাওৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কোম্পানীৰ অধীনস্থ বাগিছাসমূহত কোনো সামাজিক দূৰত্ব নমনা ,চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি ২বজাৰ পাছতো শ্ৰমিকক কামত নিয়োজিত কৰা আদিকৰি কোনোধৰণৰ সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰত কোম্পানীসমূহে চৰকাৰক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই।

আৰু পঢ়কঃউচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল

লগতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো নিদিৰ্ষ্ট নিৰ্দেশনা নথকাৰ সুযোগ লৈ একাংশ শ্ৰমিক কৰ্মচাৰীক প্ৰদানত ব্যাঘাতৰ সৃষ্টি হৈছে যি অনাগত দিনত বাগিছা অঞ্চলসমূহত কভিডৰ গণ সংক্ৰমণৰ তীব্ৰ সম্ভাৱনা জগাই তুলিব বুলি আশংকা প্ৰকাশ কৰিছে।

উপায়ুক্তই চৰকাৰী কভিড সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা কোম্পানীসমূহক অৱলম্বন কৰিবলৈ বাধ্য কৰাই বিশেষকৈ সহজ সৰল শ্ৰমিকসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply