মেৰাপানীঃ মেৰাপানীত সংঘটিত হৈছে মাতৃ সমাজক কলংকিত কৰা এক অভূতপূৰ্ব ঘটনা। যি ঘটনা প্ৰত্যক্ষ কৰিলে গাৰ নোম সিঁয়ৰি উঠিব। এগৰাকী পাষাণ মাতৃয়ে নিজৰ কণমানি সন্তানটিক নিৰ্দয়ভাৱে বহুসময় ধৰি প্ৰহাৰ কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰি চকু সেমেকি উঠিছে সকলোৰে।

লগতে পঢ়কঃটীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰত কৰ্কট ৰোগৰ ওপৰত সজাগতা সভা

লখিমী বিশ্বকৰ্মা দাস নামৰ হৃদয়হীনা মাতৃগৰাকীয়ে অনুশাসনৰ নামত নিজৰ কণমানি কন্যা সন্তানটিক এডাল বাঁহেৰে মৰিয়াই থকা হৃদয় বিদাৰক দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মেৰাপানীৰ উদয়পুৰ গাঁৱত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই যেন লজ্জানত কৰিছে সমগ্ৰ মাতৃ সমাজক। কিন্তু কি কাৰণত কণমানিটিক নিজ মাতৃয়ে এনে তালিবানী শাস্তি বিহিছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply