ইউৰোপীয়ান ফুটবল হৈছে শক্তি প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ। ষ্ট্ৰাইকাৰৰ দুৰ্দান্ত শ্বট, ৱিংগাৰৰ গতিয়ে এক মূহূত্তৰ ভিতৰতেই সলনি কৰিব পাৰে খেলৰ ফলাফল।
কিন্তু ভৱিষ্যত প্ৰজন্মই মনত ৰাখিব লাগিব দুভৰিৰ যাদুৰে একোখন খেললৈ প্ৰাণ নমাই অনা কেইগৰাকীমান ফুটবলাৰক। তাৰেই মাজত ৭০০ টাকৈ ক্লাব গ’ল কৰাৰ খিতাপ আছে কেৱল দুগৰাকী খেলুৱৈৰ ওচৰত। পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু আৰ্জেন্টিনাৰ লিয়নেল মেছি।
অৱশ্যে এই দৌৰত শীৰ্ষত আছে ৰোনাল্ডো ৭০৯ টা গ’লৰ সৈতে।
আনহাতে, লিয়নেল মেছিক ৭০০ সংখ্যক গ’ল কৰাৰ বাবে প্ৰয়োজন হ’ল ৰোনাল্ডোতকৈ ১৪০ খনতকৈও কম মেছৰ। কম মেছ খেলিয়ে যেন কম সময়ত শীৰ্ষত মেছি। এই বাবেই যেন মেছি শ্ৰেষ্ঠ।
আনহাতে, সোমবাৰে নিশা মাৰ্ছেইৰ বিৰুদ্ধে এটা গ’ল দিয়াৰ লগে লগেই মেছিৰ নামত খোদিত হয় ৭০০টা গ’ল কৰাৰ অভিলেখ। ফুটবলৰ যাদুকৰ গৰাকীয়ে কিশোৰ কালৰ পৰাই ভংগ কৰি আহিছিল এটাৰ পাছত আনটো অভিলেখ।
বিগত বৰ্ষত বিশ্বকাপ জয় কৰাৰ পাছত যেন আন একো জয় কৰিবলৈয়ে বাকী নাছিল খেলুৱৈ গৰাকীৰ বাবে। সকলো যাদুৱেই প্ৰথম আৰু অন্তিম আছিল তেওঁৰ বাবে।
কেৰিয়াৰৰ ৭০০ সংখ্যক গ’ল দিয়াৰ পাছত আগন্তুক সময়ত ৰোনাল্ডোকো অতিক্ৰম কৰিব পাৰে মেছিয়ে অথবা একে সময়তেই বৃদ্ধি পাব ৰোনাল্ডোৰো গ’লৰ সংখ্যা।
কিন্তু ফুটবল জগতৰ দুই মহাৰথীৰ মাজত শীৰ্ষত উপনীত হোৱাৰ যুঁজ যে আমোদজনক হ’ব যেন অনুমান কৰিব পাৰি।