ধেমাজি জিলাৰ জয়ৰামপু পঞ্চায়তৰ অন্তৰ্গত কেঁচাকাঠনি পানবাৰী তিনিআলিৰ পৰা অৰুণাচল চিলনী গাঁৱৰ সংযোগী পথ নিৰ্মাণত ব্যাপক ৰ্দূনীতিৰে নিৰ্মাণ কৰাৰ অভিযোগ।
উক্ত পথটি নিৰ্মাণ কৰিবৰ বাবে ধন আৱন্টন হৈছিল প্ৰায় ৬ লক্ষ্য টকা । কিন্তু ৰাতিটোৰ ভিতৰতে JCB ৰে পথটোৰ দুয়োকাষৰ পৰা মাটি খান্দি কেইচপৰা মান মাতি পেলায় কামৰ সামৰণি মাৰে ।
ইফালে জবকাৰ্ড থকা ৰাইজে ৰেগা আঁচনিত কাম কৰিব নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে । জানিব পৰা মতে MGNREGA আঁচনিৰ কাম জবকাৰ্ড থকা লোকে কৰিব পাব লাগে । তাৰ বিপৰীতে ৰাতিটোৰ ভিতৰতে স্থানীয় ৰাইজে গম নোপোৱাকৈ কেনৈকৈ JCB লগাই কাম কৰিলে তাক লৈ প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে।
আনহাতে সমগ্ৰ ৰ্দূনীতিৰ বিষয়ে দল সংগঠন আৰু সাংবাদিকৰ আগত অৱগত কৰাত স্থানীয় ব্যক্তি কমল বড়োক পঞ্চায়ত সভানেত্ৰী ৰিণা ব্ৰহ্ম মুছাহাৰীৰ স্বামী ৰিচন মুছাহাৰী আৰু তেখেতৰ ভেৰুণীয়া গুণ্ডা থানে হাজং আৰু বিশ্বজিৎ কোঁচে ৰোগীয়া কমল বড়োক তেখেতৰ ঘৰৰ পৰা বাইকত ধৰি বান্ধি লৈ গৈ বিশ্বজিৎ কোঁচৰ ঘৰত শাৰিৰীক নিৰ্যাতন চলায় । এতিয়া প্ৰশ্ন হয় বাহু বল ধন বলে চৰকাৰী আঁচনিৰ নামত দুৰ্নীতিৰে টকাৰ পাহাৰৰ গড়া এই সকল গুণ্ডাক চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব । দুখীয়া দৰিদ্ৰৰ নামত জবকাৰ্ড থকাৰ পিছতো কাম নোপোৱা আৰু ভেৰণীয়া গুণ্ডাৰ হাতত নিৰ্যাতিত হোৱা ৰাইজে উচিত ন্যায় পাবনে ।