ধেমাজিঃ ১৯৮৫  চনৰ ৩০ অক্টোবৰ আজিৰ দিনটোতে অসম চৰকাৰে মিচিং ভাষাটিক  আঞ্চলিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলে ৩০ অক্টোবৰ দিনটো ‌ভাষা দিৱস হিচাপে পালন‌ কৰি আহিছে । 

সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলসমূহৰ লগতে আজি ধেমাজিৰ মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৩৮ তম মিচিং ভাষা দিৱসটি ধেমাজি নগৰ বাংকেঃ আগম কৗবাঙৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ 

পুৱা স্মৃতি তৰ্পন,পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন,মিচিং ভাষাত কবিতা আবৃত্তি,আকস্মিক বক্তিতা,বাতৰি পঢ়া,কুইজ ইত্যাদি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু বিয়লিৰ ভাগৰগৰা মুকলি সভাও অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ স’তে সংগতি ৰাখি “গমলাব” নামৰ বাৰেঃ লুচাৰ বা প্ৰাচীৰ পত্ৰিকা এখনো উন্মোচন কৰে ধেমাজিৰ সহকাৰী আয়ুক্ত ট্ৰিলীনা টাইডে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply