গুৱাহাটী : ভাৰতীয় মাইক্ৰ’ ব্ল’গিং প্লেটফ’ৰ্ম koo-এ এপটোত অসমীয়াত লিখিব পৰা সুবিধা আৰম্ভ কৰিছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এপটোত অসমীয়া ভাষাত প্ৰথমটো বাৰ্তা দিয়ে।
নিজৰ বাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয়, ‘মই koo এপত জইন কৰাৰ পিছতে প্লেটফৰ্মটোৱে অসমীয়া ভাষাত এপটো আৰম্ভ কৰাত মই যথেষ্ট আনন্দিত হৈছো। এপটোৱে অসমৰ মানুহক নিজৰ মাতৃভাষাত মত প্ৰকাশৰ সুবিধা দিছে।’
Koo-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া অপ্ৰামেয়া ৰাধাকৃষ্ণাই অসমৰ মুখ্য মন্ত্ৰীজনক এপটোত পাই আনন্দ প্ৰকাশ কৰিছে।
লগতে পঢ়ক : কাকপথাৰৰ দুই কিশোৰৰ হাতত মাৰনাস্ত্ৰ লৈ থকা ফটো ভাইৰেল; আলফাত যোগদানৰ সন্দেহ
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুন মাহৰ প্ৰথম সপ্তাহতে koo-ত জইন কৰিছিল।
২০২০ চনৰ মাৰ্চত আৰম্ভ হোৱা প্ৰথমটো ভাৰতীয় চাইট koo-ৰ জৰিয়তে কেইবাটাও ভাৰতীয় আঞ্চলিক ভাষাত বাৰ্তা প্ৰেৰণ কৰিব পাৰি।