কামপুৰ কচুৱাৰ এইসকল মহিলাক লাগে ঋণ মাফ

কামপুৰ: নিৰ্বাচনৰ পূৰ্বে সকলোৱে বাবে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰা কথা কৈছিল যদিওঁ শেহতীয়াকৈ এই ঋণ মাফ কৰা দিশত নানা নীতি নিৰ্দেশনা কথা প্ৰকাশ কৰা পাছতে মহিলা সকলৰ মাজত দেখা গৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া।

নগাঁৱৰ কচুৱাৰ ৰূপাতচিঠিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি আমাৰ ঋণ মাফ কৰক, মহিলাক সমান চকুৰে চাওঁক শ্লোগানেৰে সকলো মহিলা ঋণ মাফ কৰা দাবী উত্থাপন কৰা লগতে প্ৰতিবাদী স্থানৰ পৰাই ৰাজ্য মুখ্য মন্ত্ৰীক অনুৰোধ কৰে, সকলোৱে বাবে এই ঋণ মাফ কৰি দিবলৈ। অন্যথা ঋণ মাফ নকৰিলে অনাগত দিনত আন্দোলন কৰিবলৈ ওলাই আহিব বুলি জানিব দিয়ে মহিলাসকলে।

শেহতীয়াকৈ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ মহিলা সকলৰ সকলো মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰিম বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছিল মহিলা সকল ৷ বৰ্তমান নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ সময়ত ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া চৰ্ত কোনো কাৰণতে মানি নলয় মহিলা সকলে ৷ মহিলা সকলক বিনা চৰ্তে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক ৰড চিণ্ডিকেটৰ লগত জড়িত এআইইউডিএফৰ ফেকামাৰী আঞ্চলিক সমিতিৰ নেতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply