লখিমপুৰ: মাইক্ৰফাইনেন্স ঋণ মাফ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰাৰ পিছতো ইয়াৰ সুবিধা সকলোৱে নোপোৱাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে লখিমপুৰৰ একাংশ মহিলাই।
এইসকল মহিলাই লক ডাউনৰ সময়ত চৰকাৰে ঋন মাফৰ প্ৰলোভন দিয়াৰ বিৰুদ্ধে সৰৱ হৈছে।
লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ বিষ্ণুপুৰ গাঁৱৰ দুখীয়া লোক সকলৰ ঋন মাফ নকৰাক লৈ সৰৱ এই সকল দৰিদ্ৰ মহিলা।
উল্লেখযোগ্য যে শিক্ষয়িত্ৰী য়ে ঋণ মাফ পাইছে কিন্তু তাৰ বিপৰীতে এই সকল দৰিদ্ৰ মহিলা বঞ্চিত হৈছে। যাৰ ফলত এতিয়া খং আৰু ক্ষোভত ফাটি পৰিছে এই সকল দৰিদ্ৰ মহিলা। এই সকল মহিলাই
চৰকাৰে তেওলোকক প্ৰতাৰনা কৰাৰ অভিযোগ কৰে।