কেবিনেট বৈঠক

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মাইক্ৰফাইনেন্সৰ ঋণ ওভোটাই দিয়াৰ ক্ষেত্ৰত লোৱা হ’ল আনুষ্ঠানিক সিদ্ধান্ত।

কেবিনেটৰ সিদ্ধান্ত মৰ্মে মাইক্ৰফাইনেন্সৰ ঋন ৰেহাই দিব লগাসকলক অহা ২৮,২৯ আৰু ৩০ নৱেম্বৰত চৰকাৰে চেক হাতত দিব ঋণগ্ৰস্ত মহিলাসকলৰ।
প্ৰথমে ৯ খন জিলাত সামৰি লোৱা হ’ব । ব্লক পৰ্যায়ত জিলা উপায়ুক্তই দিহা কৰিব । ঘোষণা অনুসৰি প্ৰথম পৰ্যায়ত ঋণ ৰেহাই দিব লগা ৯ খন জিলা হ’ল ক্ৰমে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, পশ্চিম কাৰ্বি আংলং,শোণিতপুৰ আৰু মাজুলী ৷

এই জিলা কেইখনত সৰ্বমুঠ ১১ লাখ বেনিফিছাৰীৰ আছে ৷ মাইক্ৰফাইনেন্সৰ ঋন ৰেহাইৰ ক্ষেত্ৰত বেংকৰ সৈতে ট্ৰেনজেকশ্যন থকা সকলে প্ৰথমে পাব অগ্ৰাধিকাৰ।

একাউণ্ট চলি থকাসকলে প্ৰথমে লাভ কৰিব ধনৰাশি। প্ৰথম পৰ্যায়ৰ জিলা সমূহৰ পিছত দ্বিতীয় পৰ্যায়ত বাকী জিলা সমূহক অন্তৰ্ভুক্ত কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়।

লগতে পঢ়ক- ডিফুতো পেট্ৰল ডিজেলৰ মূল্যক লৈ গ্ৰাহক বিপাঙত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply