লুৰীণজ্যোতি গগৈ

গুৱাহাটী : ২০২১চনৰ বিধান সভা নিৰ্বাচনত বিজয়ী হৈ পুনৰ চৰকাৰ গঠণ কৰিব পাৰিলে মাইক্ৰ’ ফাইনেন্স প্ৰতিষ্ঠান আদিৰ পৰা ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰাসকলৰ ঋণৰ সম্পূৰ্ণ ধন চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হ’ব বুলি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰতি দিছিল৷ নিৰ্বাচনৰ পূৰ্বে ডঃ শৰ্মাই অংশগ্ৰহণ কৰা প্ৰায় সকলো সভাতে তেওঁ এই কথা হাজাৰ হাজাৰ লোকক সাক্ষী কৰি ৰাজহুৱাকৈ ঘোষণা কৰিছিল৷ ডঃ শৰ্মাৰ উক্ত আশ্বাসসমূহত পতিয়ন গৈ অসমৰ ৰাইজে বিজেপিক ভোটদান কৰি ক্ষমতাত অধিষ্ঠিত কৰোৱাইছে৷

কিন্তু ক্ষমতাত বহিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ পাভ লুটি মাৰিছে৷ এয়া স্পষ্টভাৱে জনসাধাৰণক কৰা প্ৰতাৰণা৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনৈতিক সভাবোৰত বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ক্ষুদ্ৰ ঋণ লোৱা সকলো লোকৰ ঋণৰ সম্পূৰ্ণ ধন চৰকাৰৰ ফালৰ পৰা পৰিশোধ কৰা হ’ব বুলি স্পষ্ট ভাষাৰে ঘোষণা কৰিছিল৷ তেখেতে বিভিন্ন সভাত “মহিলাসকলে গ্ৰহণ কৰা সকলো ঋণৰ ধন সুতে-মূলে চৰকাৰৰ ফালৰ পৰা বেংকক আদায় দিয়া হ’ব” বুলি ঘোষণা কৰাৰ অসংখ্য ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে৷

সামাজিক মাধ্যমত ভাইৰেল হোৱা তেনে এটা ভিডিঅ’ত ডঃ শৰ্মাই এই সন্দৰ্ভত সমবেত জনতাক উদ্দেশ্যি এনেদৰে কৈ থকা শুনা গৈছে, “অহা ২ মে’ৰ (২০২১) ৰিজাল্ট দিয়াৰ পিছত বন্ধন আৰু মাইক্ৰ’ ফাইনেন্সত যিমান লোন আছে, এই লোন চৰকাৰে ঘুৰাই দিব, আপোনালোকে ঘুৰাই দিব নালাগে৷ (হৰ্ষোল্লাস) এই গোটেই লোন, কাৰোবাৰ এক লাখ আছে, কাৰোবাৰ ডেৰ লাখ আছে, কাৰোবাৰ চল্লিশ হাজাৰ আছে; এই যিমান লোন আছে, এই গোটেই লোনটো চৰকাৰে ঘুৰাই দিব, আপোনালোকে ঘুৰাই দিব নালাগে৷ আপোনালোকৰ পৰা আমি কেৱল হিচাপ লম যে কাৰোবাৰ এক লাখ আছে কাৰোবাৰ ডেৰ লাখ আছে কাৰোবাৰ চল্লিশ হাজাৰ আছে; এই সকলো টকা আমি চৰকাৰে বেংকক দি দিম আৰু আপোনালোকক চাৰ্টিফিকেট দি দিম যে আপোনালোক ঋণ মুক্ত৷”
ডঃ শৰ্মাৰ উল্লিখিত বক্তব্যৰ পৰা এইটো স্পষ্ট যে তেওঁ বিজেপিৰ চৰকাৰ আহিলে কোনো বাচবিচাৰ নকৰাকৈ সকলো ঋণগ্ৰস্তক ঋণমুক্ত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ঋণমুক্তিৰ বিষয়টো অধ্যয়ন কৰিবলৈ ৰাজ্য কেবিনেটে গঠন কৰি দিয়া সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী অশোক সিংঘালৰ কালি সংবাদ মেলত ঘোষণা কৰে যে চৰকাৰে চৰ্তসাপেক্ষে কিছু নিৰ্দিষ্ট মহিলাৰহে ঋণৰ টকা বেংকক ঘুৰাই দিব, সকলোৰে নহয়৷ যিসকল লোকৰ বছেৰেকীয়া উপাৰ্জন এক লাখতকৈ কম, যিসকলৰ ঘৰত চাৰিচকীয়া বাহন নাই, ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বেংকে ‘এন পি এ’ ঘোষণা নকৰা, যি পৰিয়ালৰ মাত্ৰ এগৰাকী মহিলাইহে ঋণ লৈছে আৰু এটা নিৰ্দিষ্ট সীমালৈকে ঋণ গ্ৰহণ কৰা লোক – এইসকলক বাদ দি বাকী আন কাৰো ঋণৰ দায়িত্ব চৰকাৰে নলয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে৷ মন্ত্ৰীগৰাকীৰ এই বক্তব্য মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা সভাবোৰত কৰা ঘোষণাৰ পৰিপন্থী৷
অসম জাতীয় পৰিষদে অনুভৱ কৰে যে ক্ষুদ্ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া পাভ লুটি মাৰি নিজৰ প্ৰতিশ্ৰতি ভংগ কৰিছে৷ চৰকাৰে এনে কাম কৰিলে ৰাজ্যৰ দুৰ্দশাগ্ৰস্ত জনসাধাৰণৰ বিশ্বাস আৰু আৱেগত আঘাত কৰা হ’ব৷
জাতীয় পৰিষদে দাবী কৰে যে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ প্ৰতিশ্ৰতি অনুসৰিয়ে, কোনো ধৰণৰ চৰ্ত আৰোপ নকৰি, কোনো বাচবিচাৰ নকৰাকৈ সকলো ঋণগ্ৰস্ত লোকৰ ঋণৰ ধন বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহক উভতাই ৰাইজক এই মহা সংকটৰ পৰা উদ্ধাৰ কৰক৷ অন্যথায় ভাৰতৰ ৰাইজে বিজেপিক যে তেওঁলোকৰ ধাৰাবাহিক প্ৰতাৰণা আৰু ফাকিবাজ চৰিত্ৰৰ বাবে ‘ফাকিপাৰ্টী’ আখ্যা দিবলৈ লৈছে, সেয়া চিৰস্থায়ী হৈ যাব৷

লগতে পঢ়ক চাকৰি : গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে বহুকেইটা পদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply