মৰাণ:মধ্যাহ্ন ভোজন আঁ‌চনিখন বেচৰকাৰী সংস্থাক গটাই দিয়াৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি মৰাণত প্ৰতিবাদ। ৰাজপথত পদযাত্ৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন খোৱাং ব্লক সমিতিয়ে ।

বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰী সকলে খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে তিলৈস্থিত খোৱাং ব্লকৰলৈকে প্ৰতিবাদ সাব্যস্ত কৰে ।

আজি আৰু কাইলৈ দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰা, আঁ‌চনিত শ্ৰমিকৰ স্থায়ীকৰণ কৰা, শ্ৰম আইন সংশোধন কৰা নচলিব, মূল্যবৃদ্ধি ৰোধ কৰা আদি কেইবাটাও দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply