কাৰ্বি আংলং : আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘর্ষ। আৰক্ষীৰ গুলীত নিহত উগ্ৰপন্থী সংগঠনৰ নেতা। কাৰ্বি আংলং জিলাত সংঘটিত হৈছে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত এই সংঘর্ষ।
কাৰ্বি আংলং জিলাৰ ৰংমংৱেত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘর্ষত এজন উগ্ৰপন্থী নিহত হৈছে। নৱগঠিত উগ্ৰপন্থী সংগঠন কেডিএলএফৰ লগত আৰক্ষীৰ সংঘৰ্ষ ফলত নিহত হৈছে সংগঠনটোৰ নেতা।
সংঘৰ্ষত নৱগঠিত উগ্ৰপন্থী সংগঠন কেডিএলএফৰ সেনাধ্যক্ষ জেকচন ৰংহাঙ নিহত হৈছে৷ নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ সেনাধ্যক্ষ জেকচন ৰংহাঙ কিছুদিন পূৰ্বে চন্দন দে’ নামৰ এজন লোকক অপহৰণ কৰি ধন দাবী কৰিছিল।
লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
আৰক্ষীয়ে চন্দন দে’ক উদ্ধাৰ কৰি নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ সেনাধ্যক্ষ জেকচন ৰংহাঙৰ সন্ধানত অভিযান তীব্রতৰ কৰি তুলিছিল। আৰক্ষীৰ গুলীত নিহত হোৱা নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ সেনাধ্যক্ষ জেকচন ৰংহাঙ পৰা ১ টা পিষ্টল আৰু গুলী উদ্ধাৰ হৈছে।