নিউজ ডেস্কঃ আজিৰে পৰা বৃদ্ধি পালে আমূল গাখীৰৰ মূল্য। প্ৰতি লিটাৰ আমূল গাখীৰত ২টকাকৈ বৃদ্ধি কৰিলে আমূলে।
এই মূল্য সমগ্ৰ দেশতেই প্ৰযোজ্য হ’ব। ‘আমূল টাজা’, ‘শক্তি’, ‘টি-স্পেচিয়েল’, লগতে আমূল ব্ৰেণ্ডৰ সকলো গাখীৰতে এই মূল্য কাৰ্যকৰী হ’ব।
লগতে পঢ়কঃযুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যুক সাবটিলে ভাৰতীয় ছাত্ৰই
উল্লেখ্য যে,গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন লিমিটেডে আমূলৰ মূল্য বৃদ্ধিৰ এবছৰ নহওতেই পুনৰ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে বিগত বছৰ জুলাই মাহত মূল্য বৃদ্ধি পাইছিল।
প্ৰতি বছৰে আমূলে প্ৰতিলিটাৰত ২টকাকৈ দাম বৃদ্ধি কৰি আহিছে। আমূলে সদৰি কৰা অনুসৰি এইবাৰৰ পৰা ক্ষুদ্ৰ গাখীৰ বিক্ৰেতাসকলেও দাম বৃদ্ধি কৰিছে।
গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ ক্ৰয়ৰ বাবদ গ্ৰাহকসকলে পৰিশোধ কৰা প্ৰতি ১ টকাৰ প্ৰায় ৮০ পইচা গাখীৰ উৎপাদকসকলক প্ৰদান কৰে। মূল্য সংশোধনে গাখীৰ উৎপাদকসকলক অধিক গাখীৰ উৎপাদনৰ বাবে উৎসাহিত কৰাত সহায় কৰিব বুলি উল্লেখ কৰে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন লিমিটেডে।