ডিফু : ডিফুত পুলিচ ফ্লেগ ডে’ উপলক্ষে মিনি মাৰাথান। পুলিচ ফ্লেগ ডে’ আৰু সতৰ্কতা সপ্তাহ লগতে স্মৃতিৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত মিনি মাৰাথান অনুষ্ঠিত কৰা হয়। মঙলাবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এই মিনি মাৰাথান দৌৰ অনুষ্ঠিত হয়।
পুৱাৰ ভাগত ডিফু আৰক্ষী ছাউনিৰ খেল পথাৰত অসম আৰক্ষীৰ জোৱান, ভিডিপি কৰ্মী আৰু স্থানীয় লোক সমবেত হৈ মিনি মাৰাথান দৌৰত অংশগ্ৰহণ কৰে৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে মিনি মাৰাথান দৌৰৰ ফ্লেগ অফ কৰে৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ লগতে ৬৮ গৰাকীকৈ আৰক্ষী জোৱান আৰু ভিডিপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।এই দৌৰত৷
উক্ত মিনি মাৰাথান দৌৰ ডিফু আৰক্ষী ছাউনীৰ পৰা লামডিং পথৰ নাৰ্চেছ ট্ৰেইনিং চেণ্টাৰলৈকে অনুষ্ঠিত হয়৷ মিনি মাৰাথানত প্ৰথম স্থান লাভ কৰে পানবাৰী গাঁওৰক্ষী বাহিনীৰ সহকাৰী সাধাৰণ সম্পাদক শিৱা নাৰ্জাৰীয়ে। দ্বিতীয় স্থান লাভ কৰে গাঁওৰক্ষী বাহিনীৰ উপ উপদেষ্টা কুমচিং টৰণে৷ তৃতীয় স্থান লাভ কৰে এবিচি ইলয়াউনবে নিউমে।আৰু চতুৰ্থ স্থান আৰক্ষী জোৱান আনন্দ বে লাভ কৰে৷
লগতে পঢ়ক : ৰাজ্যত নতুন ক’ভিড এছ অ’ পি জাৰি; লকডাউনৰ কথা অস্বীকাৰ মুখ্য মন্ত্ৰীৰ
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, ৰাইজক দুৰ্নীতি আৰু অপৰাধৰ পৰা পৰিত্ৰাণ পাবলৈ সজাগ কৰাৰ উদ্দেশ্যেই সতৰ্ক সপ্তাহ আৰু স্মৃতিৰক্ষা আৰু পুলিচ ফ্লেগ ডে’ৰ লগত সংগতি ৰাখি এই মাৰাথান দৌৰৰ অনুষ্ঠিত কৰা হৈছে। মিনি মাৰাথানৰ সময়ত অংশগ্ৰহণকাৰী সকলক পথৰ দুয়োকাষে থকা ৰাইজে উৎসাহিত কৰা পৰিলক্ষিত হয়।