কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বিজেপি নেতৃত্বাধীন পৰিষদ খনে ৰাইজৰ মনোযোগ আকৰ্ষণৰ বাবে বিভিন্ন উন্নয়ন কামকাজ খৰটকীয়া কৰি তুলিছে৷ এনে প্ৰেক্ষাপটত বাইডুং ৰেংথমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তৰাডুবিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মিনি ষ্টেডিয়াম,অডিটৰিয়াম প্ৰেক্ষাগৃহটি উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

এই উপলক্ষে আয়োজিত সভাখনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মাজত চিই এম গৰাকীয়ে ব্লেংকেট বিতৰণ কৰে৷ভাষন প্ৰসংগত ৰংহাঙে কয়, পাহাৰীয়া জিলাখনৰ কাৰ্বি জনগোষ্ঠীয় ৰাইজৰ সবাংগীন উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন পৰিষদখন বদ্ধপৰিকৰ৷দ্ৰুত উন্নয়ণৰ ক্ষেত্ৰত বিজে পি চৰকাৰ কেতিয়াও পিছুৱাই নাহে৷এনে ক্ষেত্ৰত আগন্তুক দিনবিলাকত কাৰ্বি পাহাৰৰ ৰাইজৰ পূৰ্ণ সহযোগিতা আৰু সহাৰী আশা কৰে বিজেপি নেতৃত্বাধীন পৰিষদখন৷

শান্তি চুক্তি স্বাক্ষৰকাৰী বিজেপিত যোগদান


আনহাতে পাৰ্বত্য জিলা কাৰ্বি আলংৰ কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন অহা বৰ্ষৰ এপ্ৰিলত অনুস্থিত কৰাৰ বিষয়ে ইতিমধ্যে CEM তুলিৰাম ৰংহাঙে ঘোষনা কৰাৰ পিছতে পৰিষদৰ শাসনাধিষ্ঠিত বিজেপি দল শেহতীয়াকৈ হৈ পৰিছে তৎপৰ ৷ পুনৰ শাসনৰ গাদীলৈ অহাৰ লক্ষ্যৰ সোমবাৰে পশ্চিম কাৰবি আংলংৰ ডংকামোকামত ওৱাচং খেল পথাৰত অনুষ্ঠিত হয় শান্তি আৰু উন্নয়ণ শীৰ্ষক এখন সভা৷

চি ই এম তুলিৰাম ৰংহাংৰ উপস্থিতিত প্ৰায় দহ সহস্ৰাধিক দলীয় সমৰ্থকে ভাগ লোৱা সভাখনতে অলপতে শান্তি চু্ক্তি চাক্ষৰ কৰা কাৰ্বিআংলংৰ উগ্ৰহপন্থি সংগঠন Ex. PDCK,Ex KPLT.Ex.UPLA সদস্যৰ সৈতে প্ৰায় ১০০০ লোকে বিজেপি দলত যোগদান কৰে৷ সভাখনত ডিফুৰ সাংসদ হৰেন সিং বে,বিধায়কত্ৰয় বিদ্যাসিং ইংলে,দৰসিৎ ৰংহাং,ৰূপসিং টেৰণ পৰিষদৰ কায্যবাহী সদস্য সকল উপস্থিত থাকে৷

লগতে পঢ়ক- কাকপথাৰত সংবাদ মাধ্যমৰ নাম লৈ শিক্ষকক ধন দাবী চাৰি সাংবাদিকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply