সোণাৰি : সাম্প্ৰতিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত চৰাইদেউ জিলাত আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰায়ে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ তত্বাৱধানত চৰাইদেউ জিলাৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত এক তথ্য সমৃদ্ধ পাৱাৰ পইণ্ট প্ৰেজেণ্টশ্যন উপস্থাপন কৰা হয়। আজিৰ সভাত মন্ত্ৰী বিমল বৰায়ে জিলাখনত ক’ভিডৰ লগত মোকাবিলা কৰাবলৈ উপলব্ধ থকা আই চি ইউ বিছনা, অন্যান্য চিকিৎসা সেৱা, ডাক্তৰ, নাৰ্ছ, স্বাস্থ্য কৰ্মী, বাগান অঞ্চলত ক’ভিড ৰোধ কৰাৰ ব্যৱস্থা, জিলাখনত ইতিমধ্যে সম্পন্ন হোৱা ক’ভিড প্ৰতিষেধক, হোম আইচ’লেশ্যন আদি ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়।

আৰু পঢ়কঃৰাজপথত উপস্থিত হৈ ক’ভিড বিধি নীৰিক্ষণ কৰিলে জিলা উপায়ুক্তই

সভাত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ‌ধৰ্মেশ্বৰ কোঁৱৰেও বক্তব্য আগবঢ়ায়। সভাৰ আঁত ধৰে তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউতে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰায়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত সাম্প্ৰতিক ক’ভিড মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বিপৰীতে মন্ত্ৰী যোগেন মহনে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমানলৈকে চৰাইদেউ জিলাত ৪২,৩৩২ টা ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ইয়াৰে ৩৩,২৫৩ টা প্ৰথম ড’জ আৰু ৯,০৭৯ টা দ্বিতীয় ড’জ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply