গুৱাহাটী : ‘হৰ ঘৰ দস্তক’ৰ নিৰ্ধাৰিত সময় সীমালৈ মাজত মাত্ৰ এটা দিন। অহা ৫ ডিচেম্বৰৰ ভিতৰত জিলাৰ প্ৰথম পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ সংখ্যা এশ শতাংশ কৰাৰ একান্ত লক্ষ্য স্থিৰ কৰি এতিয়া কামৰূপ মহানগৰ জিলাত মন্ত্ৰী, আমোলা-বিষয়া সকলোৰে চলিছে ‘হৰ ঘৰ দস্তক’ৰ কঠোৰ অভিযান স্থান ট্ৰেকিং কৰি ভোট কেন্দ্ৰ অনুসৰি পাহাৰ পৰ্যন্ত বাচি উলিওৱা হৈছে। প্ৰতিষেধক ল’বলৈ বাকী থকা অথবা অনিচ্ছুক ব্য়ক্তিসকলক ‘কাউনচেলিং’ কৰি প্ৰদান কৰা হৈছে প্ৰতিষেধক।
২৯ নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ বৃহস্পতিবাৰৰ দিনটোত জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উজান বজাৰ, খাৰঘূলি এলেকাৰ কেবাজনো ব্যক্তিৰ ঘৰে ঘৰে গৈ বুজাই-বঢ়াই ঘৰতে ক’ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে। মন্ত্ৰীজনৰ আশ্বাসভৰা বুজনিত এই পৰ্যন্ত ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি নোলোৱাকৈ থকা কেইবাজনো লোকে প্ৰতিষেধক ল’বলৈ সৈমান হয়। মন্ত্ৰীজনে লগতে নিশ্চিয়তা প্ৰদান কৰে যে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধকো তেওঁলোকক ঘৰতেই দিয়া হ’ব।
এইসময়খিনিত শয্যাগত লোককো প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰে মন্ত্ৰীগৰাকীয়ে।ইফালে জিলাখনৰ ‘হৰ ঘৰ দস্তক’ অভিযানৰ নিৰীক্ষক অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু গৃহ বিভাগৰ আয়ুক্ত-সচিব এম এছ মণিৱন্ননেও জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত ৰাখিছে। মুখ্য সচিবগৰাকীয়ে উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আন আন বিষয়া তথা স্বাস্থ্যকৰ্মীৰ সৈতে নাৰেংগী, ফৰেষ্ট গেটৰ শান্তিপুৰ, কৈলাশ নগৰ, সাতগাঁও আদি ঠাইৰ কেইবাগৰাকীও মানুহৰ ঘৰত গৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লয়।
লগতে পঢ়ক : জুইৰ লেলিহান শিখাই ছাই কৰিলে বিশ বিঘাৰো অধিক ধাননি পথাৰ
সমান্তৰালকৈ গৃহ বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে ফটাশিল, গণেশপাৰা, মনপাৰা, দতালপাৰা আদি ঠাইত প্ৰতিষেধক প্ৰদান অভিযান চলায়। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, বিপুল কুমাৰ দাস, গৌৰী শংকৰ দাস, গুণজিৎ ৰায় চৌধুৰী, ড° ধ্ৰুৱজ্যোতি হাজৰিকা, সুস্বপ্না কাকতি আৰু প্ৰত্যেকজন চক্ৰ বিষয়া ‘হৰ ঘৰ দস্তক’ অভিযানত ব্যস্ত আছে।