চৰাইদেউ : খেতি পথাৰত ব্যস্ত মন্ত্ৰী যোগেন মহন। বানপানীত ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিবলৈ কঠিয়া সিঁচিলে মন্ত্ৰী গৰাকীয়ে। ৰাজ্যত এতিয়া শালি খেতিৰ বতৰ। পথাৰে পথৰে খেতিয়াসকল ব্যস্ত কঠিয়া সিঁচাত। এফালে ক’ভিডৰ সংক্ৰমণ আনফালে প্ৰকোপ বাঢ়িছে বানপানীৰ।

তেনে সময়তে বানপানীত ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিবলৈ এতিয়া কঠিয়া সিঁচাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন।মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰী যোগেন মহনে। প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচা এই কঠিয়াতলি বানপানীত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে শুভাৰম্ভ কৰা হৈছে।

লগতে পঢ়ক : জোৱাঁইৰ ওপৰত শহুৰৰ পৰিয়ালৰ নিৰ্যাতন : অভিযোগ নিজ কন্যাৰ

মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনে শুভাৰম্ভ কৰা এই পৰ্বত চৰাইদেউ জিলা কৃষি বিষয়া অৰুণ চাংকাকতিৰ লগতে অন্যান্য বিষয়া তথা বিজেপি দলৰ কৰ্মীসকল উপস্থিত থাকে। আনহাতে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰী কৰা নিৰ্দেশনাৰ ফলত নিবনুৱা হৈ পৰা লোকসকলক হতাশ নহৈ খেতি পথাৰত নামিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply