গোলাঘাট : স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই সোমবাৰে গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত জিলাখনৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ সৰ্বাংগীন বিকাশৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁ এসপ্তাহৰ ভিতৰত প্ৰতিটো বিভাগৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে উপায়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ জিলা মুৰব্বীসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে এখন উন্নত গোলাঘাটৰ বাবে ভৱিষ্যতৰ সপোন ৰচনা কৰাৰ বাবে প্ৰতিটো বিভাগে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।

জিলাখনৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে ঐক্যবদ্ধভাৱে কাম কৰিলে গোলাঘাটখনক নতুনকৈ সজাই পৰাই ল’ব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে ভিজন ডকুমেণ্টত অগ্ৰাধিকাৰৰ বিষয়সমূহ চিনাক্ত কৰি অন্তৰ্ভুক্ত কৰা হ’ব যাতে সেই নিৰ্দিষ্ট বিষয়সমূহত বিশেষভাৱে কাম কৰিব পৰা যায়। ভিজন ডকুমেণ্টত বিকাশ অন্যতম অগ্ৰাধিকাৰৰ বিষয় হ’ব বুলি তেওঁ কয়। আসন্ন বাজেট অধিৱেশনত গোলাঘাটৰ সৰ্বাংগীন বিকাশৰ বাবে এটা পৰিকাঠামো যুগুত কৰিব পৰাকৈ সকলোকে দায়বদ্ধভাৱে নিজৰ নিজৰ বিভাগৰ সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত ভাষণ দি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে আমি প্ৰত্যাহ্বানক প্ৰত্যাশালৈ ৰূপান্তৰ কৰিব লাগিব। গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ৪০ কোটি টকা আবন্টন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবেও ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ হাতত সময় নিচেই কম আৰু সেয়েহে প্ৰতিটো মুহুৰ্তৰ মূল্য বুজিব লাগিব। গোলাঘাটত যাতে কোনো আঁচনিৰ নামত ধনৰ আত্মসাৎ নহয় সেইয়া সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয়। এটাও দাগ নথকাকৈ আঁচনিসমূহ ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে আমাৰ সম্পদখিনিৰে আমি উন্নয়নৰ দিশত অগ্ৰসৰ হ’ব লাগিব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ প্ৰথম বছৰটোতে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে লক্ষ্য স্থিৰ কৰিছে। তেওঁ সাঁচি গছৰ খেতিৰে জিলাখনে আৰু অধিক ৰাজহ অৰ্জন কৰিব পাৰে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ বিষয়াসকলক ৰাইজৰ সমস্যাসমূহক অৱহেলা নকৰি সঁহাৰি জনাবলৈ আহ্বান জনায়।

অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগে কয় যে গোলাঘাটৰ এটা ঐতিহাসিক গৰিমা আছে। সেই গৰিমাক সাৰথি কৰি অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মসংস্থাপনক অগ্ৰাধিকাৰ হিচাপে লৈ অগ্ৰসৰ হ’ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে কাম কৰাৰ ইচ্ছা থাকিলে সফলতা নিশ্চিত আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাম কৰাৰ বাবে সদিচ্ছা আছে। উন্নয়ন এটা নিৰন্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে অহা ৫ বছৰত আমি নতুনত্ব লৈ সমস্যাসমূহ সমাধান কৰিম। তেওঁ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিষয়া-কৰ্মচাৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। লগতে কাৰ্যালয়ত বিষয়াসকলৰ উপস্থিতিৰ সময় সন্দৰ্ভত এসপ্তাহৰ বাবে সূচী যুগুত কৰি ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কোনো বিষয়াক লগ পাবলৈ আহি সাধাৰণ লোকসকলে হাৰাশাস্তিৰ সন্মুখীন নহয়।

লগতে পঢ়ক : ভাতৃ-ভগ্নীৰ মৃতদেহ উদ্ধাৰ : মূল অভিযুক্ত আলিউল ইছলামৰ ৰহস্যজনক আত্মসমৰ্পণ

অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে কয় যে আমি সকলোৱে সন্মিলিত ভাৱে কাম কৰিব লাগিব যাতে গোলাঘাট জিলাক ৰাজ্যৰ ভিতৰতে এটা স্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমষ্টিটোৰ উন্নয়নৰ বাবে বিশেষকৈ সীমান্ত উন্নয়নৰ বাবে কাম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ এটা আভাস দাঙি ধৰে। তেওঁ অভিভাৱক মন্ত্ৰীগৰাকীক ভিজন ডকুমেণ্টত মিনি সচিবালয় স্থাপনৰ প্ৰস্তাৱো সন্নিৱিষ্ট কৰাৰ বাবে আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত জিলাখনৰ ক’ভিড-১৯ পৰিস্থিতিৰ বিতং ব্যাখ্যা আগবঢ়ায়। বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া, মহকুমাধিপতিসকল তথা বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply