শিলচৰ : পৰিৱেশ আৰু বন, আবকাৰী আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শনিবাৰে কাছাৰ জিলাত জল জীৱন অভিযানৰ মাধ্যমেৰে নিৰ্মিত কেইবাটাও নল পানী যোগান আঁচনিৰ উদ্বোধন কৰে। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এলেনপুৰ চাহ বাগানত ৪৮ লাখ টকা ব্যয় সাপেক্ষে বিস্তৃতভাৱে পুনঃ নিৰ্মাণ কৰা ঘৰে ঘৰে পাইপৰ দ্বাৰা পানী যোগান আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। এই আঁচনিৰ দ্বাৰা সৰ্বমুঠ ২৩৩ টা পৰিয়ালক পানীৰ টেপৰ সুবিধা আগবঢ়োৱা হৈছে।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে নৰসিংপুৰ চাহ বাগানতো ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত পানী যোগান আঁচনি মুকলি কৰে যাৰ জৰিয়তে ১৮৪ টা পৰিয়াল উপকৃত হ’ব। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে পালৈ চাহ বাগান, ডাৰ্বি চাহ বাগান আৰু পানীভৰা চাহ বাগানত ক্ৰমে ৪০ লাখ আৰু ৪৮ লাখ টকা ব্যয় কৰি নিৰ্মান কৰা পানী যোগান আঁচনি মুকলি কৰে।এই সমূহ পাইপেৰে পানী যোগান আঁচনিসমূহ কাছাৰ জিলাৰ শিলচৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ, ২ নং সংমণ্ডলৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে।
এই উপলক্ষ্যে বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ অতি আপোন এই আঁচনিৰ জৰিয়তে ভাৰতৰ গ্ৰামাঞ্চলত সকলো ঘৰতেই বিশুদ্ধ পানী পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। “জল জীৱন অভিযানৰ মাধ্যমেৰে এক গণ আন্দোলন গঢ়ি তোলা হৈছে আৰু সেইবাবেই সকলোৱে এই অভিযানক অধিক প্ৰাধান্য দিছে।” সকলো ঘৰলৈ পাইপৰ দ্বাৰা পানী যোগানৰ উদ্দেশ্যৰে ভাৰত চৰকাৰৰ এই ফ্লেগশ্বিপ আঁচনি জল জীৱন অভিযানৰ জৰিয়তে এই বছৰৰ প্ৰথম চতুৰ্থাংশতেই ২.৮ মিলিয়ন ঘৰক পানী যোগান আঁচনিৰ লগত সংযুক্ত কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : ২০১৭ চনৰ আজিৰ দিনটোতে হত্যা কৰা হৈছিল লাফিকুল ইছলামক
ইতিমধ্যে প্ৰকাশিত বুলেটিনত ৰাষ্ট্ৰীয় জল জীৱন অভিযানত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে এই অভিযানৰ লক্ষ্যত উপস্থিত হ’বলৈ ১৩ টা কাৰ্য নিৰূপণ কৰা হৈছে। এইসমূহৰ ভিতৰত বিদ্যালয়, অংগনৱাদী সমূহত ১০০% পাইপৰ পানী যোগান, স্থানীয় ৰাইজক পানী যোগানৰ স্বেচ্ছামূলক নিয়ন্ত্ৰণ, বিশুদ্ধ খোৱাপানীৰ উপকাৰিতা সম্পৰ্কে সচেতনতা বৃদ্ধি আদি অন্যতম।