শিলচৰ : অসম-মিজোৰামৰ আন্তঃৰাজ্যিক সীমাৰ পৰিস্থিতিৰ বুজ ল’বলৈ পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মঙলবাৰে দক্ষিণ অসমৰ কাছাৰ জিলাৰ লাইলাপুৰ আৰক্ষী আউটপোষ্টত উপস্থিত হয়। মিজোৰামৰ তৰফৰ পৰা নিৰ্বিচাৰ গুলীচালনাত ছয় জনকৈ আৰক্ষী জোৱান আৰু এজন অসামৰিক ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে যথেষ্ট সংখ্যক লোক আঘাতপ্ৰাপ্ত হোৱাৰ বাবে সোমবাৰে সীমাত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বুজ ল’বলৈ গুৱাহাটীৰ পৰা গৈ সীমান্তৰ আউটপোষ্ট ভ্ৰমণ কৰে মন্ত্ৰী গৰাকীয়ে।
মন্ত্ৰী গৰাকীয়ে নিজৰ সমষ্টি ধলাইৰ লাইলাপুৰ আৰক্ষী আউটপোষ্টত আইন-শৃংখলা সম্পৰ্কীয় অৱস্থাৰ বিষয়ে সংশ্লিষ্ট বিষয়াৰ সৈতে আলোচনা কৰে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰক্ষী বিষয়াক উত্তেজনাময় পৰিস্থিতিক সম্পূৰ্ণভাৱে শান্ত কৰি নিয়ন্ত্ৰনাধীন কৰিবৰ বাবে প্ৰয়োজনীয় সকলো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মিজোৰামৰ ফালৰ পৰা অপ্ৰত্যাশিতভাৱে নিৰ্বিচাৰ গুলীচালনা কৰা স্বত্বেও অসম আৰক্ষীয়ে যতেষ্ট সংযম প্ৰদৰ্শন কৰা বাবে ধন্যবাদ জনাই মন্ত্ৰীয়ে কয় যে, এতিয়া সময়ৰ আহ্বান হ’ল সতৰ্কতা অৱলম্বন কৰা আৰু আন্তঃৰাজ্যিক সীমান্তত শান্তিৰ বাতাৱৰণ বিঘ্নিত কৰিবলৈ দুষ্ট চক্ৰৰ ষড়যন্ত্ৰক ব্যৰ্থ কৰা।
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উচ্চ পৰ্যায়ত এই সীমা বিবাদ মীমাংসা কৰিবলৈ ব্যৱস্থা লৈছে আৰু কেৱল মিজোৰামেই নহয়, আন চুবুৰীয়া ৰাজ্যৰ লগতো বুজাবুজিৰ মাজেৰে সমাধান বিচাৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত শিলচৰ আৱৰ্ত ভৱনত অনুষ্ঠিত আইন-শৃংখলা পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে এই অস্থিৰ পৰিস্থিতি স্বাভাৱিক কৰি জনসাধাৰণৰ মাজত এক আস্থাৰ পৰিৱেশ গঢ়ি তুলিব।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৰ ঘটনাক লৈ কি কয় ৰাজ্যৰ ৰাজনৈতিক মহলে
তেওঁ লগতে পথ অৱৰোধ কৰি থকা ধলাই আৰু কাবুগঞ্জৰ জনতাক অৱৰোধ প্ৰত্যাহাৰ কৰি প্ৰশাসনক অঞ্চলসমূহত শান্তি ঘুৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনায়। ‘অসম এখন শান্তিপ্ৰিয় ৰাজ্য’ বুলি উল্লেখ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্য চৰকাৰে মিজোৰামক এক ইঞ্চি মাটিও এৰি নিদিয়াৰ নিশ্চয়তা প্ৰদান কৰি কয় যে প্ৰয়োজনত ৰাজ্যৰ সাংবিধানিক সীমাক দৃঢ়তাৰে সুৰক্ষিত কৰিব আৰু এই ক্ষেত্ৰত কোনো প্ৰকাৰে প্ৰৰোচিত নহয়।