আমিনগাঁও : কামৰূপ জিলাৰ বন আৰু পৰিৱেশ, মীন আৰু আবকাৰী বিভাগৰ কাম-কাজ সম্পৰ্কত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত বিভাগ কেইটাৰ বিষয়াসকলৰ লগত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক পৰ্যালোচনা সভাত মিলিত হয়৷ পশ্চিম গুৱাহাটী, পলাশবাৰী, হাজো আৰু কমলপুৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া আৰু দিগন্ত কলিতা, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন, জনপ্ৰতিনিধি আৰু বিভাগসমূহৰ সূহীয়া প্ৰচেষ্টাৰে কামত অগ্ৰসৰ হ’বলৈ সকলোকে আহ্বান জনায়৷
পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত বেদখল হৈ থকা ১৬০ হেক্টৰ ভূমি পৰ্যায়ক্ৰমে মুক্ত কৰাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে বিচাৰাধীন হৈ থকা অঞ্চলসমূহৰ বাহিৰে বাকী থকা ঠাইসমূহৰ বাবে স্থানীয় বিধায়কসকলৰ লগত ক্ষেত্ৰীয় পৰ্যায়ত পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ দিয়ে৷ তদুপৰি বেদখল সম্পৰ্কত সুনিশ্চিত হ’বলৈ ৰাজহ, বন, ভূমি নথি সঞ্চালকালয় আৰু অসম জৰীপ বিভাগৰ সমূহীয়া উদ্যোগত এক জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ এনেদৰে নিশ্চিত হোৱাৰ পিছত জিলা প্ৰশাসনৰ সহযোগত অগ্ৰাধিকাৰ ভিত্তিত বেদখলমুক্ত কাৰ্য হাতত ল’বলৈ নিৰ্দেশ দিয়ে৷
এই ক্ষেত্ৰত কমেও এসপ্তাহ আগৰ পৰা মুক্ত কৰিবলৈ লোৱা বেদখল অঞ্চলত থকা লোসসকলক এই বিষয়ে জনাবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ আনহাতে সামাজিক বনানীকৰণৰ অধীনত জিলাখনত বৰ্তমানে থকা তিনিখন পাৰ্কৰ উৎকৃষ্ট ব্যৱস্থাপনাৰ বাবে তৎকালীনভাৱে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে। তদুপৰি বিধায়কসকলৰ লগত আলোচনা কৰি অন্যান্য ঠাইতো এনে পাৰ্ক স্থাপনৰ উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ উপৰি বকোৰ জৈৱ বিচিত্ৰতা পাৰ্কত কমেও এহাজাৰ বিধ উদ্ভিদ ৰোপণৰ নিৰ্দেশ দিয়ে৷ আনহাতে হাতী আৰু বান্দৰৰ বাবে পৰ্যাপ্ত হাৰত বাঁহগছ, কলগছ, ঔটেঙা আৰু কঠাল গছ ৰোপণৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক : তেজপুৰৰ এগৰাকী ব্যক্তিয়ে উন্নত প্ৰজাতিৰ ছাগলী পালনেৰে দেখুৱাইছে বিশেষ দৃষ্টান্ত
বালিৰ অবৈধ বেহা ৰোধ কৰিবৰ বাবে ২৪ ঘণ্টীয়া তহলদাৰী ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰু নিৰিখ মতে জৰিমনা ল’বলৈ সংশ্লিষ্ট বন সংমণ্ডল বিষয়াক নিৰ্দেশ দিয়ে৷ আবকাৰী বিভাগৰ পৰ্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে এমাহৰ ভিতৰত চুলাই মদৰ বেহা বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি প্ৰমাণিত হলে তেনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সকিয়াই দিয়ে। আনহাতে মীন বিভাগৰ পৰ্যালোচনা কালত পৰ্য্যাপ্ত পৰিমানে মীন উৎপাদনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।