হোজাই : অসম চৰকাৰৰ বন আৰু পৰিৱেশ, আৱকাৰী আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বত থকা পৰিমল শুক্লবৈদ্য শনিবাৰে হোজাই জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত যমুনামুখ, হোজাই আৰু লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সকল ক্ৰমে সিৰাজ উদ্দিন আজমল, ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ উপস্থিতিত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। উপায়ুক্ত অনুপম চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰী গৰাকীয়ে বিভিন্ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।
মন্ত্ৰী গৰাকীয়ে বৈঠকত জলজীৱন মিছন, প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কিষাণ যোজনা, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰে। ইয়াৰোপৰি জিলাখনত বৰ্তমান ক’ভিড-১৯ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান ব্যৱস্থাটো আৰু অধিক ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে। আলোচনাকালত মন্ত্ৰী গৰাকীক প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াসকলে আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে বহলাই অৱগত কৰে।
লগতে পঢ়ক : ছইবৰ ৰহমানৰ দিনত উপায়ুক্তৰ দায়িত্বত থকা জিলা উপায়ুক্তা আতিকা ছুলাতানাক গ্ৰেপ্তাৰৰ দাবী
এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তকে ধৰি সংশ্লিষ্ট বিভাগ সমূহে আলোচনা আৰু সমন্বয়ৰে সমস্যা সমূহ দূৰীকৰণৰ যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত অভিভাৱক মন্ত্ৰী গৰাকীয়ে প্ৰতিটো বিভাগক বাকী থকা অসম্পূৰ্ণ কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত যুদ্ধকালীন তৎপৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নিজৰ নিজৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষতা প্ৰদৰ্শনেৰে এক নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনায়।পৰ্যালোচনা বৈঠকত হোজাই জিলাৰ অভিভাৱক সচিব ৰাকেশ কুমাৰ, আৰক্ষী অধীক্ষ বৰুণ পুৰকায়স্থ, হোজাই জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত ক্ৰমে গকুল চন্দ্ৰ ব্ৰহ্ম, ৰক্তিম বৰুৱা, মহকুমাধিপতি সদৰ সুদীপ নাথ, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমাবালা দেৱী, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।