নিউজ ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুক্ৰবাৰে দিছপুৰত নিজ কাৰ্যলয়ৰ সভাকক্ষত ট্ৰাঞ্চজেণ্ডাৰ ৱেলফেৱাৰ বৰ্ডৰ সৈতে বৈঠক মিলিত হয়। বৈঠক মন্ত্ৰীজনে ট্ৰাঞ্চজেণ্ডাৰ সকলৰ অধিকাৰৰ আৰু অন্যান্য বিষয়ত সজাগত অনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । ট্ৰাঞ্চজেণ্ডাৰসকলে সমাজত সন্মুখীন হোৱা সমস্যা সমূহৰ বাবে কৰণীয় কামবোৰৰ ওপৰত মন্ত্ৰী জনে বৰ্ডৰ সৈতে আলোচনা কৰে।

বৈঠকতেই মন্ত্ৰী হাজৰিকাই ট্ৰাঞ্চজেণ্ডাৰ সকলৰ বাবে এখন কল্যাণ সমিতি গঠনৰ বাবে সিদ্ধান্ত লয় লগতে ট্ৰাঞ্চজেণ্ডাৰ প্ৰটেকশ্য চেল গঠন কৰা বিষয়টো আলোচনা কৰে। তদুপৰি, জিলা পৰ্যায়ত সজাগত সভা আয়োজনৰ কৰি মানুহৰ মাজত সজাগতা অনাৰ বাবে বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰে আৰু মন্ত্ৰী গৰাকীয়ে প্ৰথম পৰ্যায়ত নিৰ্বাচিত জিলা সমূহৰ উপায়ুক্তৰ সৈতে অতি সোনকালে এই বিষয়ত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মিলিত হোৱাৰ কথা উল্লেখ কৰে।

উল্লেখ্যযোগ্য যে, ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনত ট্ৰাঞ্চজেণ্ডাৰ সকলৰ পঞ্জীয়নৰ বাবে থকা ৰাষ্ট্ৰীয় প’টেলত পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় সজাগতা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাত উপস্থিত থকা বিষয়া-সদস্য সকলক মন্ত্ৰী পীযুষ হাজাৰিকাই আহ্বান জনাই। উক্ত সভাখনত অসম চৰকাৰৰ বহু কেইটা বিভাগৰ সচিব, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকৰ লগতে ট্ৰাঞ্চজেণ্ডাৰ ৱেলফেৱাৰ বৰ্ডৰ কেইবাগৰাকী সদস্য উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply