নিউজ ডেস্কঃ জাগীৰোডত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জলসম্পদ বিভাগে লোৱা কাৰ্যপন্থাক বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰে।

জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়াঙৰ ১নং মূৰকটা আৰু কাছশিলা অঞ্চলত বান্ধ নিৰ্মাণৰ কৰি থকা জলসম্পদ বিভাগৰ কামৰ অগ্ৰগতি বুজ লৈ মন্ত্ৰী হাজৰিকাই ঠিকাদাৰক দিয়ে কঠোৰ নিৰ্দেশ।

অহা তিনি মাহৰ ভিতৰত বান্ধ নিৰ্মাণৰ কাম সঠিক ভাৱে সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগ আৰু ঠিকাদাৰক নিৰ্দেশ প্ৰদান কৰে হাজৰিকাই।  

তেওঁ বান্ধ পৰিদৰ্শন সময়ত সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰে যে, ঠিকাদাৰ মোৰ বন্ধুও নহয় শত্রুও নহয়। তেখেতলোকে নির্ধাৰিত তিনিমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল’ব চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply