নিউজ ডেস্ক- ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নদীৰ ভগ্ন মথাউৰিৰ পুনঃনিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্য পৰিদৰ্শন যোৱাৰ সময়ত উক্ত স্থানলৈ নিয়া ট্ৰেক্ট’ৰ-ৰ’লাৰ আদিক আদবাটতে বাধা প্ৰদান কৰে ক্ষোভিত ৰাইজে।

ৰাইজৰ অভিযোগ যোৱা ২০-২৫ দিন ধৰি বন্ধ হৈ আছিল মথাউৰিটোৰ পুনঃনিৰ্মাণৰ কাম-কাজ। কিন্তু আজি মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ বাবেহে তৎপৰতাৰে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰি দেখুৱাইছে ঠিকাদাৰে।

ইফালে, বালি-মাটিৰেহে মথাউৰি নিৰ্মাণ কৰা বুলি উল্লেখ কৰি ক্ষোভিত ৰাইজে কয় যে- ‘অতি লেহেমীয়া গতিৰে চলিছে কাম-কাজ। আজি মন্ত্ৰী পীযুষ হাজৰিকা ছাৰ অহাৰ কাৰণে সকলোৱে ভেনা মাখিৰ দৰে আহিছে ইয়াত।’

আনহাতে, ক্ষোভিত ৰাইজৰ অভিযোগবোৰ শুনাৰ পাছত অতি শীঘ্ৰেই মথাউৰিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply