ভৱানীপুৰ : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে ভৱানীপুৰৰ মেধিকুছি অঞ্চলত বন্যাৰ্তসকলৰ বাবে নিৰ্মিত অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত আশ্ৰয় লৈ থকা লোক সকলৰ খবৰ লয়। এই লোক সকলক খাদ্য, চিকিৎসা, খোৱা পানী আদি ব্যৱস্থা সুচাৰুৰূপে কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে এন ডি আৰ এফৰ নাও আৰু ট্ৰেক্টৰেৰে গৈ পহুমৰা নদীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয়।মন্ত্ৰী হাজৰীকাই ভৱানীপুৰত বান পৰিদৰ্শনৰ সময়ত সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে কেইবাখনো জিলাত এতিয়া বানে ৰাইজৰ ক্ষতি কৰিছে। চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰি সকলো ধৰণেৰে ৰাইজক সকাহ দিয়াৰ বাবে চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰীয়ে নিজেও ৰঙিয়া আৰু দৰং জিলাত বান পৰিস্থিতিৰ বুজ লৈছে।
লগতে পঢ়ক – এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ
বানৰ প্ৰকোপত পৰা ৰাইজলৈ সকলো ধৰণৰ চৰকাৰী সাহাৰ্য সামগ্ৰী যোগান ধৰিবৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে বানত ক্ষতি হোৱা সাধাৰণ ৰাইজৰ বাসগৃহ মেৰামতিৰ বাবে চৰকাৰৰ পৰা পাবলগা সাহাৰ্য পুঁজিৰ সোনকালে যোগান ধৰিবৰ বাবেও নিৰ্দেশনা প্ৰদান কৰে। আনহাতে ভূটানৰ পৰা এৰি দিয়া পানীৰ লগতে এইবাৰ বৰষুণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱা বাবে এনে বান পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত এনে পৰিস্থিতি কিদৰে মোকাবিলা কৰিব পৰা যায় তাৰ বাবে প্ৰয়াস কৰা হ’ব।