গুৱাহাটী : জনতা ভৱনত জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম, দিব্যাংগ আৰু তৃতীয় লিংগৰ ব্যক্তিৰ সংগঠনৰ নেতৃত্বৰে বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাৰ। জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম, দিব্যাংগ আৰু তৃতীয় লিংগৰ ব্যক্তি সকলৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী গৰাকীয়ে। নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিব্যাংগ সকলৰ সংগঠনৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ।

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ, বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ ব্যক্তি সকলৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়।বৈঠকত মন্ত্ৰী গৰাকীয়ে সংগঠনৰ প্ৰতিনিধি সকলৰ পৰা তেঁওলোকে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লৈ বিভাগীয়ভাৱে তেনে সমস্য সমূহ সমধান কৰিব পৰা যায় নেকি তাৰ বিষয়ে আলোচনা কৰে।

জ্যেষ্ঠ নাগৰিক সকলে সন্মুখীন হৈ অহা সমস্য সমূহৰ বিষয়ে জানিব পাৰি মন্ত্ৰী গৰাকীয়ে উপস্থিত বিভাগীয় বিষয়া সকলৰ লগত তেঁওলোকৰ সমস্যাসমূহ সমাধানৰ বাবে লবলগা পদক্ষেপৰ ওপৰত আলোচনা কৰে। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমত বয়োজ্যেষ্ঠ নাগৰিকৰ প্ৰতি বাকী নাগৰিকৰ দায়িত্ববোধৰ বিষয়ে সূচী অন্তৰ্ভুক্ত কৰাৰ ওপৰত আলোচনা কৰা হয়। আনহাতে বেংক অথবা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত জ্যেষ্ঠ নাগৰিক সকলৰ বাবে সুকীয়া শাৰীৰ ব্যৱস্থা কৰাৰ ওপৰতো বিভাগীয় নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা বৈঠকত চিন্তা কৰা হয়।

তৃতীয় লিংগৰ ব্যক্তিসকলৰ সমস্যাৰাজিৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে এই সমস্যাৰ সমাধানৰ বাবেও বিভাগীয়ভাৱে কৰিব পৰা পদক্ষেপসমূহ হাতত লবলৈ বিভাগীয় প্ৰধান সচিবক নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত ৰাজ্যখনৰ বিশেষভাৱে সক্ষম আৰু দিব্যাংগ সকলক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনে চৰকাৰী চাকৰিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত তেঁওলোকে সন্মুখীন হৈ সমস্যাৰ কথা উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে সকলো বিভাগতে ইতিমধ্যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে থকা সংৰক্ষণক সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক –  বেঁকী নদীত পৰম্পৰাগত নাওখেল অনুষ্ঠিত

আনহাতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সন্মানীয় ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয়ত চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। বৈঠকতে কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে বিশেষভাৱে সক্ষম ব্যক্তিৰ চাকৰিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মেডিকেল ব’ৰ্ডক ভালদৰে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া আৰু ঘৰে ঘৰে চাৰ্ভে কৰি প্ৰকৃত বিশেষভাৱে সক্ষম ব্যক্তিৰ তালিকা প্ৰস্তুত কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। আনহাতে মন্ত্ৰী গৰাকীয়ে সকলো সংগঠনকে সমিল মিলেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply