শিৱসাগৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তথা অসম চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন স্থানত মুঠ ১৪ টা পথৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ লয়। অতি সোনকালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব লগা এই পথসমূহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী যোগেন মহন, সাংসদদ্বয় প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়ক ভুৱন পেগু, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীৰ সৈতে অংশ লয়।
আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে সাংসদ তপন কুমাৰ গগৈয়ে প্ৰাক্তন বিধায়কদ্বয় কুশল দুৱৰী আৰু সুশান্ত বৰগোহাইৰ সৈতে লগ হৈ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা থাওৰা সমষ্টিৰ পথ আৰু দলং নিৰ্মাণৰ বাবে বিগত এটা মাহত প্ৰায় ৫৩ কোটি টকাৰ পেকেজ লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টিবাসীৰ বাবে এয়া এক উল্লেখযোগ্য খবৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে দ্ৰুত উন্নয়নৰ দিশে গতি কৰিছে। ইয়াৰোপৰি থাওৰা সমষ্টিত প্ৰায় ১৫ কোটি টকাৰ পকা মথাউৰী আৰু প্ৰায় ১২ কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে।
লগতে পঢ়ক : নিয়ন্ত্ৰণহীন আভ্যন্তৰীণ জল পৰিবহন বিভাগক নাকী লগাবলৈ মুখ্যমন্ত্ৰী নিৰ্দেশ
আনহাতে মন্ত্ৰীগৰাকীয়ে থাওৰা সমষ্টিৰ বিভিন্ন স্থানত ১৪ টা স্থানত পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে। উক্ত পথ কেইটা হৈছে বকতা বাঁহগড়ৰ পৰা আহোম গাঁও পথ (১.০৫ কি.মি.), জৱলাটিঙৰপৰা কুটুহাগুৰি পথ (১.৭০ কি.মি.), খামুন পথৰ পৰা পটিয়া গাওঁ হৈ নেমুগুৰি খৰাহাট সংযোগী পথ (২.০৬ কি.মি.), দিৰৈটিং বাগানৰ পৰা বৰপিয়াল হাবি হৈ হলঙনি পথ (২.৬৫ কি.মি.), ডিমৰুগুৰি গাঁৱৰ পৰা চেপন চূণপোৰা সংযোগী পথ (১.৭৫ কি.মি.), তেতেলীতল তিনিআলিৰ পৰা হলগুৰি তিনিআলিলৈ (৯.০৩ কি.মি., RIDF), ডিমৌ পলিটেকনিক হৈ কুচুমাৰী পথ (১.০৩ কি.মি.), কলিয়াপানী ফিল্ড পথ হৈ মধুপুৰ সংযোগী পথ (১.৪৭ কি.মি.), ৩৭নং ঘাইপথৰ পৰা মাজাৰ শ্বৰীফ লৈ যোৱা পথ (১.৭০ কি.মি.), পালেঙী কেঁচুৱনী পথ (১.৫৫ কি.মি.), ধ্যান চাৰিআলিৰ হৈ চমৰাজান পথ (২.৩০ কি.মি.), ধোন্দৰমুখ সন্দিকৈ পথ (২ কি.মি.), কছাৰী পথাৰৰ হৈ নিগনিঘাট পথ (১.১৫ কি.মি.) আৰু গজালি গাঁও সংযোগী পথ (০.৮০ কি.মি.)।