গুৱাহাটী : দৰং জিলাৰ গৰুখুটীত বেদখলমুক্ত কৰিবলৈ গৈ আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা হতাহতিত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱা আৰু দুজন বেদখলকাৰীৰ মৃত্যু হোৱাক লৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বেদখলকাৰীসকলক প্ৰশাসনে আগতীয়াকৈ জাননী জাৰি কৰি সম্পূৰ্ণ ন্যায়সংগতভাৱে উচ্ছেদ অভিযান চলাইছিল যদিও প্ৰায় ৫০০০ জন বেদখলকাৰীয়ে দলবদ্ধভাৱে ২০০-২৫০ জন আৰক্ষীৰ লোকক নিৰ্মমভাৱে আক্ৰমণ কৰিবলৈ খেদি আহিছিল, এনে অৱস্থাত আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীৰ লোকেও গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। আনহাতে যিকোনো লোকৰে মৃত্যু হোৱাটো চৰকাৰৰ কাম্য নহয় যদিও বেদখলকাৰীৰ হাতৰ পৰা চৰকাৰী মাটি বেদখলমুক্ত কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।
আনহাতে গৰুখুটীৰ ঘটনাটোক একাংশ ৰাজনৈতিক দলৰ ব্যক্তিয়ে সম্পূৰ্ণ ৰাজনীতিকৰণ কৰি আৰক্ষীৰ লোকৰ ওপৰত হোৱা দলবদ্ধ আক্ৰমণৰ ঘটনাক সম্পূৰ্ণ আওকাণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচিত চৰকাৰ এখনে চৰকাৰী মাটি বেদখলকাৰীৰ হাতৰ পৰা ৰক্ষা কৰাটো দায়িত্ব কিন্তু কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ নেতাসকলে আৰক্ষীৰ লোকসকলক কৰা দলবদ্ধ আক্ৰমণৰ ঘটনাক আওকাণ কৰি এক প্ৰকাৰে আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণক সমৰ্থন কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে হাজাৰ হাজাৰ বেদখলকাৰীয়ে হাতত দা, যাঠি লৈ দলবদ্ধভাৱে আৰক্ষীক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিবলৈ অপাৰগ কংগ্ৰেছ অথবা এআইইউডিএফ দলে আৰক্ষীৰ জোৱানৰ তেজলগা শৰীৰ দেখা নাপায়, আৰক্ষীক দৌৰাই দৌৰাই আক্ৰমণ কৰাটো দেখা নাপায়।
চৰকাৰ আৰু প্ৰশাসনে মানৱীয় দৃষ্টিভংগীৰে বেদখলকাৰীসকলক ১০০০ বিঘা মাটিত সংস্থাপন দিবলৈ সাজু হৈছিল, ইয়াৰ পাছতো একাংশ বেদখলকাৰীয়ে আৰক্ষীৰ লোকক নিৰ্মমভাৱে আক্ৰমণ কৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। অৰ্ণমাই বৰাৰ হত্যাকাণ্ডত নিৰৱে থকা কংগ্ৰেছ অথবা এআইইউডিএফ দলে মিজোৰাম আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ জোৱান নিহত হ’লে অসম চৰকাৰক ধিক্কাৰ দিয়ে, এই কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া আৰক্ষীৰ লোকক আক্ৰমণ কৰাসকলক তেঁওলোকে ধিক্কাৰ নিদিয়ে। কংগ্ৰেছ অথবা এআইইউডিএফ দলে একমাত্ৰ ভোটৰ স্বাৰ্থত সকলো ক্ষেত্ৰতে মাত মাতে অথবা মৌন হৈ থাকে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ এনে ভোটসৰ্বস্ব ৰাজনীতিৰ বিপৰীতে বিজেপি চৰকাৰে অসমৰ মাটি, স্বাৰ্থৰক্ষাৰ বাবে কিছু কাম স্থিৰ কৰি সেই কাম কৰাৰ ক্ষেত্ৰত দায়বদ্ধ বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক : হাটশিঙমাৰীত পথ সুৰক্ষাৰ বাবে বাটৰ নাট প্ৰদৰ্শন
উদ্দেশ্যপ্ৰণোদিত বাতৰি, মিছা কথা কোৱা ৰাজনীতি চলোৱা কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ কুচক্ৰান্তত বিজেপি দল নাই বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে টেট শিক্ষয়িত্ৰী এগৰাকীয়ে এক বিশেষ অঞ্চলত গৈ যেতিয়া লাঞ্চিত হয় তেতিয়া ন্যুনতম সৌজন্য অথবা মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থকা কংগ্ৰেছ অথবা এআইইউডিএফ দল তথা একাংশ সংগঠনে চৰকাৰী মাটি বেদখলকাৰীক উচ্ছেদ কৰিলে অথবা ডকাইত এটাক আৰক্ষীয়ে গুলীয়ালে চিঞঁৰি উঠে। এই সকলকহে অসম তথা অসমীয়াৰ শত্ৰু বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।