মুছলপুৰ : নিউজ পৰ্টেল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিউজ পৰ্টেল সমূহ ৰজা হৈ উঠিছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। নীতি-নিয়মৰ মাজত থাকি কাম কৰিব লাগিব নিউজ পৰ্টেল সমূহ বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই নিউজ পৰ্টেল সমূহক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে কয় যে নিউজ পৰ্টেল সমূহ ৰজা হৈ উঠিছে কিন্ত ৰজা হ’বলৈ দিয়া নহ’ব নিউজ পৰ্টেল সমূহক।
লগতে পঢ়ক : ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খিতাপ অৰ্জন কৰি সাপেখাতী ৰহনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়ংকাই
মিছা বাতৰি কৰি মানুহৰ মানহানি কৰিবলৈ দিয়া নহব নিউজ পৰ্টেল সমূহক বুলিও কয় মন্ত্ৰী গৰাকীয়ে। অতি শীঘ্ৰে নিউজ পৰ্টেল সমূহক নিয়ন্ত্ৰণ কৰা বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও কয় মন্ত্ৰী পীযুষ হাজৰিকাই।