তামুলপুৰ : গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নাগ্ৰীজুলিত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা। জলসম্পদ বিভাগৰ অভিষন্তা, উচ্চ পদস্থ বিষয়াক লগত লৈ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰিলে নাগ্ৰীজুলিৰ চাহ বাগিচাৰ সমীপৰ গৰাখহনীয়া অঞ্চল আৰু ২ নং বগৰীখুটিৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল।
নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ৰুৰ্কী আইআইটিৰ প্ৰাক্তন অধ্যাপক ডঃ নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ সফল আঁচনি সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।জেক জেট্টি পদ্ধতি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে আইআইটিৰ প্ৰাক্তন অধ্যাপক ডঃ নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতিৰে বৰনদীৰ গৰাখহনীয়া ৰোধৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে জলসম্পদ বিভাগৰ অভিযন্তা তথা বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে। নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বান্ধ পৰিদৰ্শন কৰাৰ পিছত ২ নং বগৰীখুটিত ৰাইজে নিজৰ ধন খৰছ কৰি নিৰ্মাণ কৰা বান্ধ এটিও পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক : চাকৰি! দুলীয়াজানস্থিত অইল ইণ্ডিয়াত ১২০ টা পদত নিযুক্তি
মন্ত্ৰী গৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি গৰাখহনীয়া সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰে। ডঃ নয়ন শৰ্মাৰ জেক জেট্টি পদ্ধতি পৰিদৰ্শন কৰি বৰনদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ বিভিন্ন নদীৰ গৰাখহনীয়া সমূহ জেক জেট্টি পদ্ধতিৰ লগতে অত্যাধুনিক পদ্ধতিৰে কি দৰে গৰাখহনীয়া ৰোধ কৰিব পাৰি তাৰ ওপৰটো পৰীক্ষা নিৰক্ষা চলাই থকা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নাগ্ৰীজুলিৰ পৰা গৈ তামুলপুৰৰ জাৰতালুক, পলোকাটা, নামচৰীয়াত উপস্থিত হৈ পাগলাদিয়া নদীৰ গৰাখহনীয়া অঞ্চল আদিও পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।