শিৱসাগৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শনিবৰীয়া বজাৰৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ আৰু দিহিং কলঘৰ অঞ্চলত দিহিং নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ কবলত পৰা বৰপথাৰৰ আবাসিক অঞ্চল পৰিদৰ্শন কৰে।

মন্ত্ৰী গৰাকীয়ে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিভাগীয় বিষয়া সকলক খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ লগতে বানপানীৰ কবলত পৰা লোকসকলৰ বাবে প্ৰয়োজনীয় বান সাহায্য ক্ষীপ্ৰতাৰে প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে বুজ লোৱাৰ লগতে এই সমূহৰ আশু সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে জিলাখনৰ যিবোৰ স্থান অধিকভাৱে খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষীপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

লগতে পঢ়ক  :  নতুন ধৰণেৰে সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ বাবে কাম কৰি অহা এজন উচ্চ শিক্ষিত যুৱক

মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰী, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা পলাশ জ্যোতি গোস্বামী, অধীক্ষক অভিযন্তা প্ৰবীণ ভূঞা, কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰ আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা গীতিমণি হাজৰিকা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply