গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
লগতে পঢ়ক : শিৱসাগৰত মাজভাগতেই ভাগি পৰিল দলং
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে।