জাগীৰোডঃ জাগীৰোডত গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকা। প্ৰায় দুটা বছৰৰ ভিতৰতে নিজে আধাৰশিলা স্থাপন কৰা বিদ্যালয় ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। চকুত লগাকৈ এনেদৰে উন্নয়নৰ দিশত পৰিৱৰ্তন কেৱল ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতহে সম্ভৱ। অসম চৰকাৰৰ আন্তৰিক প্ৰয়াসত বুধবাৰে উন্মোচন হোৱা আদৰ্শ বিদ্যালয়সমূহে বাগিচা অঞ্চলৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ।

অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এক যুগান্তকাৰী সংযোজনেৰে ৰাজ্যৰ ১১৯ খন চাহ বাগিচাত পোন প্ৰথমবাৰৰ বাবে হাইস্কুল নিৰ্মাণেৰে চাহ বাগিচাৰ শৈক্ষিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত হাতত লোৱা পদক্ষেপৰ অংশ স্বৰূপে ৰাজ্যখনৰ তথ্য, জনসংযোগ, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত নেলীস্থিত গোপাল কৃষ্ণ চাহ বাগিচাত “গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ” শুভাৰম্ভণি কৰে। প্ৰায় দুটা বছৰৰ পূৰ্বে নিজে আধাৰশিলা স্থাপন কৰা বিদ্যালয়খন ৰাইজৰ বাবে উচৰ্গা কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাগিচা অঞ্চলত স্থাপন কৰা এই বিদ্যালয় সমূহে বাগিছা অঞ্চলৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব। দুটা বছৰৰ আগতে তেতিয়াৰ শিক্ষামন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদূৰ প্ৰসাৰী চিন্তাৰ ফলত অসমৰ ১১৯ খন চাহ বাগিছা অঞ্চলত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আন্তৰিক প্ৰয়াসৰ বাবে দুটা বছৰৰ ভিতৰতে ৯৬ খন বিদ্যালয় ৰাইজলৈ উচৰ্গা কৰিব পৰাকৈ সাজু হৈ উঠিছে, মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি মন্তব্য কৰে।

লগতে পঢ়কঃচাহ বাগিচা অঞ্চলত ৯৬ খন আদৰ্শ বিদ্যালয় উদ্বোধনৰে শিক্ষাৰ সোণালী যুগৰ সূচনা

আনহাতে চকুত লগাকৈ এনেদৰে উন্নয়নৰ দিশত পৰিৱৰ্তন কেৱল ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতহে সম্ভৱ বুলিও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। সমাজ এখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শিক্ষা আৰু স্বাস্থ্যৰ বিশেষ অৰিহণা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা নাথাকিলে আমি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো সমস্যা হয়। আজিৰ সভাতে মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত আজি উন্মোচন কৰা বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হ’ব আৰু বিদ্যালয়খনৰ চৌহদত পকীবেৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে। বিদ্যালয় উন্মোচনী অনুস্থানত মন্ত্ৰীগৰাকীৰ লগতে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা শ্ৰম বিষয়া তথা আন বিষয়সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply