গুৱাহাটীঃ বাৰিষা সমাগত বান গৰাখহনীয়াই জুৰুলা কৰা ৰাজ্যখনত বহু মথাউৰিৰ কাম এতিয়াও নিৰ্মান সম্পূৰ্ণ হোৱা নাই।
সোমবাৰে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী নদীৰ দুয়ো কাষৰ মথাউৰি পৰিদৰ্শন কৰে।
আগন্তুক সময়ত বান-গৰাখহনীয়া আদি পৰিস্থিতিৰ সন্মূখীন হৈ যাতে নৈপৰীয়া ৰাইজ কোনো ক্ষয়ক্ষতিৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক ক্ষীপ্ৰতাৰে বান-গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
এই পৰিদৰ্শন কালত স্থানীয় বিধায়ক দিগন্ত কলিতাও উপস্থিত থাকে।
আৰু পঢ়কঃবোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু
ইয়াৰ পাছতেই বিগত সময়ত বানপানীয়ে ক্ষতি কৰি অহা হাজো সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ অন্তৰ্গত মথাউৰি আৰু নৈপৰীয়া ঠাই সমূহ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা বিভাগীয় বিষয়াৰ সৈতে পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে। যাতে বাৰিষাৰ সময়খিনিত স্থানীয় নৈপৰীয়া লোক সকল কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অতি ক্ষীপ্ৰতাৰে মথাউৰি সমূহৰ যাৱতীয় মেৰামতি কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।
মন্ত্ৰী গৰাকীৰ লগত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াও উপস্থিত থাকে।