শুৱালকুছি : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শুৱালকুছিত উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন স্থানৰ মথাউৰি আৰু খহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে শুৱালকুছিৰ বালিচক, শ্রীহাটী, কেওটপাৰা, বাথান, উত্তৰ গুৱাহাটীৰ আনন্দ নগৰ আদি অঞ্চলৰ মথাউৰি আৰু খহনীয়াৰ স্থান পৰিদৰ্শন কৰাৰ লগতে বান তথা গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰো বুজ লয়।
অঞ্চলটোৰ যিবোৰ স্থান অধিক খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষিপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রী পীযুষ হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।মন্ত্ৰী গৰাকীয়ে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত চলি থকা অন্যান্য আঁচনি সমূহ অধিক ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।
লগতে পঢ়ক : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাক লৈ কি সিদ্ধান্ত হ’ল
আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোত যাতে বানপানীয়ে অধিক ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবেও উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল।