জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলঙৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ হৈ থকা গাইড বান্ধৰ কাম মঙলবাৰে পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ চকীঘাটত উপস্থিত হৈ পিয়ুষ হাজৰিকাই চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জীয়া ভৰলীনদীৰ ওপৰত জি’অ টিউবৰ সলনি নতুন কাৰিকৰী পদ্ধতিৰে নিৰ্মাণ কাৰ্য চলা গাইড বান্ধ কামৰ পৰিদৰ্শন কৰি সুখী হোৱা বুলি মন্তব্য কৰে।

আৰু পঢ়কঃনগাঁৱত আৰক্ষীৰ জালত পৰিল দুই ভুৱা আৰক্ষী

এই পদ্ধতিৰ সহায়ত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষে।

ইফালে চকীঘাটত শোণিতপুৰ জিলা প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা চৰকাৰী মাটিত অঞ্চলটোৰ একাংশ খিলঞ্জীয়া যুৱকে কৃষি কৰ্ম কৰি থকাৰ পাছত একাংশ দুষ্কৃতিকাৰীয়ে মাজে মাজে হিংসাত্মক কাৰ্য সংঘটিত কৰি অহা কাৰ্যক মন্ত্ৰী গৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে। দুষ্কৃতিকাৰী সকলক কঠোৰ হাতৰে দমন কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে বাপুজি ভৱনৰ কোভিড চেন্টাৰত উপস্থিত হৈ কোভিডৰ সমগ্ৰ পৰিস্থিতিৰো বুজ লয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply