আজি ডিব্ৰুগড়ৰ কয়লাঘাটত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত হৈ ভূমিস্খলনৰ পৰিস্হিতিৰ অংশ পৰিদৰ্শন কৰে।

কেইদিনমান পূৰ্বে অঞ্চলটোত প্ৰায় ২২০ মিটাৰ দৈঘ্যৰ অংশত ভূমিস্খলন সৃষ্টি হৈছিল। ভূ-মোনা, শংকুৰ বান্ধ আদি ব্যৱহাৰ কৰি ডব্লিউআৰ বিভাগৰ দ্বাৰা পৰিস্থিতি টো দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰা হৈছিল।
বৰ্তমান সময়তো বিভাগীয়ভাৱে খহনীয়া ৰোধৰ কাম তীব্ৰ গতিত চলি আছে।

আজি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষন কৰে । ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আৰু সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় ।