ধুবুৰী : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতি আৰু বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে৷ প্ৰায় ৬ ঘন্টা ধৰি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিসহ জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে৷ ধুবুৰী জিলাত বেদখলকাৰীৰ কবলত থকা ৭২.৩৬ হেক্টৰ বনাঞ্চলৰ আৰু ২৩১ হেক্টৰ প্ৰস্তাৱিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান চলাই শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ডি এফ অ’ক নিৰ্দেশ দিয়ে৷

জিলাখনত এম জি এনৰেগাৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে কৰা পাৰ্কুপাইন নিৰ্মাণৰ কমেও ১৫ খন আঁচনিত দুৰ্নীতি হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ বিষয়াসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয় ‘বিভাগটোৰ কামৰ ধৰণ এতিয়া সলনি হ’ব৷ সকলোৱে এতিয়া পূৰ্বৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব৷ আঁচনিৰ ৰূপায়ণ সঠিক হ’ব লাগিব৷ কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ’ব৷’ জনস্বাস্থ্য কাৰিকৰী বিভাগক ‘জল জীৱন অভিযান’ৰ নিৰ্মীয়মান আচনিবোৰৰৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এনে আচনিত আৰ্ছেনিক, ফ্ল’ৰাইডৰ উপস্থিতিৰ লগতে পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে৷ বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড পৰিহাৰ কৰি প্ৰকৃতাৰ্থত দুখীয়া পৰিয়ালক কাৰ্ড লাভৰ সুযোগ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক প্ৰয়োজনত কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷

মন্ত্ৰী গৰাকীয়ে ধুবুৰীত এনেধৰণৰ ত্ৰিশ সহস্ৰাধিক পৰিয়াল থকা বুলি উল্লেখ কৰি শীঘ্ৰে তেওঁলোকক বিচাৰি উলিওৱা হ’ব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে যোগান বিভাগৰ ডিলাৰ, গাঁওবুঢ়া, গ্ৰামসেৱকসকলক জড়িত কৰিবলৈ পৰামৰ্শ দিয়ে৷ লোকনিৰ্মাণ বিভাগক মধুপুৰ সত্ৰৰ আন্ত:গাথনি নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ধুবুৰী মডিকেল কলেজ, বিলাসীপাৰা আন্ত:ৰাজ্যিক বাছ আস্থানকে ধৰি আন আন আন্ত:গাথনি নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে৷ স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে ধুবুৰী জিলাত কেৱল এজনহে এনাছথেটিষ্ট থকাৰ বাবে হোৱা সমস্যাৰ বিষয়ে অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে বিষয়টো মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ তেওঁ জিলাখনৰ ক’ভিড পৰিস্থিতিৰো বুজ লয়৷

অৱসৰ গ্ৰহণৰ পিছত পেন্সন লাভৰ ক্ষেত্ৰত শিক্ষকে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি সতৰ্ক হ’বলৈ, শিক্ষকৰ বদলিকে ধৰি বিভিন্ন ধৰণৰ কামৰ বাবে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত হোৱা দুৰ্নীতি বন্ধ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভগৰ বিষয়াক নিৰ্দেশ দিয়ে৷ ঘৰত গৈ অংগনবাড়ী কেন্দ্ৰত নাম পঞ্জীয়নভুক্ত শিশুসকলক খাদ্য যোগান ধৰাৰ কাম কোনোধৰণৰ বিৰতি নোহোৱাকৈ চলাই যাবলৈ মন্ত্ৰীগৰাকীয়ে জিলা সমাজ কল্যাণ বিষয়াক নিৰ্দেশ দিয়ে৷ গ্ৰাম সেৱকসকল কৃষকৰ ওচৰলৈ নাযায় বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এতিয়াৰ পৰা গ্ৰাম সেৱকে লগ কৰা কৃষকৰ নাম আৰু ফোন নম্বৰ জিলা কৃষি বিষয়াক জমা দিবলৈ নিৰ্দেশ দিয়ে৷ জিলা কৃষি বিষয়াই এই তথ্য জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তক জমা দিব লাগিব৷ ধানৰ নিম্নতম সমৰ্থন মূল্য যাতে ক্ষুদ্ৰ কৃষকে লাভ কৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্দেশ দিয়ে৷ ধুবুৰী জিলাত থকা ১৬২ খন বিলৰ যিবোৰত বেদখল আছে সেয়া উচ্ছেদ কৰি পৰৱৰ্তী সময়ত তাত এম জি এনৰেগাৰ জৰিয়তে ৰাজহুৱা পুখুৰীৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ অসম শক্তি বিতৰণ নিগম লিমিটেডৰ বিষয়াক লোডশ্বেডিং নকৰিবলৈ কয় মন্ত্ৰীগৰাকীয় ৷

লগতে পঢ়ক : নাজিৰা মহকুমাত মন্ত্ৰী-সাংসদৰ দুগ্ধ আৰু গাহৰি প্ৰকল্প পৰিদর্শন

তেওঁ জলসম্পদ, জলসিঞ্চন, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু পশু চিকিৎসা, পৰিবহণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ কাম কাজৰো পৰ্যালোচনা কৰে৷ পৰ্যালোচনা বৈঠকৰ অন্তত অভিভাৱক মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে তেওঁ প্ৰতিমাহে জিলাখনৰ কিছুমান বিভাগৰ কামৰ পৰ্যালোচনা কৰিব আৰু প্ৰতি তিনিমাহৰ মূৰে মূৰে আন বিভাগবোৰৰ কামৰ পৰ্যালোচনা কৰিব৷ জিলাখনত বিভিন্ন বিভাগত খালী হৈ থকা পদবোৰ পূৰণৰ বাবে তেওঁ বিভাগীয় মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত অন্বামুথন এম পি কামৰ সলাগ লয়৷ সংবাদমেলৰ পিছতে সাংবাদিক মুস্তাফিজুৰ ৰহমানে মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই তেওঁৰ পত্নী আবিদা বেগমৰ নামত থকা ৰেছন কাৰ্ড মন্ত্ৰী গৰাকী আৰু জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰি পৰিহাৰ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply