বৰপেটা : বেঁকী নদীৰ খহনীয়াৰ বুজ ল’লে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। শনিবাৰে সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বিটিআৰৰ অন্তৰ্গত মানাহৰ সমীপত বেঁকী নদীৰ কাষৰ এলেংমাৰি গাঁৱত উপস্থিত হৈ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে খহনীয়াৰ বুজ লয়।
বানৰ তাণ্ডৱৰ মাজতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বেঁকী নদীৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এলেংমাৰি গাঁৱৰ প্ৰায় ৩০ মিটাৰৰ এটা অংশলৈ ভাবুকি কঢ়িয়াই আনিছে বেঁকী নদীৰ খহনীয়াই। সাম্প্ৰতি এই অংশটো ছিঙি যোৱাৰ উপক্ৰম হৈছে।
অংশটো ছিঙিলে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱাটো নিশ্চিত।সেইহে মন্ত্ৰী গৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰি এই বিষয়টো তৎকালীনভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অৱগত কৰে আৰু জলসম্পদ বিভাগৰ অভিযন্তা সকল তথা জিলা উপায়ুক্তকো জ্ঞাত কৰি এই ঠাইত ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে পঢ়ক – এটা পথে জীয়াতু ভোগাইছে মহুৰামুখ বংকোৱালবাসী ৰাইজক
মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে কয় বৰ্তমানৰ কামখিনিৰ পৰা যদি আমি সফল হওঁ তেনেহ’লে আগন্তুক দিনত প্ৰলয়ংকাৰী বানৰ পৰা ৰক্ষা পাব পৰা যাব। যদি ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা নিয়মিত পানী এৰি থাকে তেতিয়াহ’লে একো সমস্যা নহ’ব। কিন্ত উক্ত বান্ধৰ পৰা যদি অতিৰিক্ত পানী এৰি দিয়ে তেনেহ’লে সমস্যাৰ সৃষ্টি হ’ব পাৰে।