সোণাৰিঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মাহমৰাৰ চাহ বাগিচাত স্থাপন কৰা ডিপলিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ নৱনিৰ্মিত ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহৰ শনিবাৰে উদ্বোধন কৰা হয়।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাৰ উপস্থিতিত অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে উদ্বোধন কৰে স্বাস্থ্য কেন্দ্ৰ ভৱন তথা চিকিৎসক আৰু পৰিচাৰিকাৰ আৱাসগৃহ।

আৰু পঢ়কঃঅসম-নগালেণ্ড সীমান্তৰ নামতোলাত ব্ৰাউন চুগাৰসহ তিনিজনক আটক

উল্লেখ্য যে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কাকতিবাৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আহ্বান জনায় অহাৰ পাছত ২০১৯ চনৰ ৬ অক্টোবৰত আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

মন কৰিবলগীয়া যে অসম চাহ নিগমৰ অধীনস্থ ডিপলিং চাহ বাগিচাত থকা চিকিৎসালয়খনৰ আন্ত:গাঁথনি দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত বাগিচাখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণে সাধাৰণ অসুখ হ’লেও সোণাৰি বা মৰাণলৈ যাব লগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰা ফলত এতিয়া ৰাইজে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply