গুৱাহাটী : আজিৰে পৰা দিছপুৰত কিবা কামৰ বাবে জনতাই বিচাৰিলেও নাপাব মুখ্যমন্ত্ৰী অথবা অন্যান্য মন্ত্ৰীসকলক। কেৱল মন্ত্ৰীয়ে নহয় আজিৰে পৰা বিজেপি বিধায়কসকলকো বিচাৰি নাপাব অসমত।

আজি মুম্বাইলৈ যাব মুখ্যমন্ত্ৰীসহ বিজেপিৰ সকলো বিধায়ক। প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ নিয়া হ’ব বিজেপিৰ সকলো বিধায়কক। বিশেষ বিমানেৰে মুম্বাইলৈ লৈ যোৱা হ’ব বিধায়কসকলক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কৰ সুশাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

লগতে পঢ়ক : কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি

বিজেপি দলটোক আগুৱাই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এক বিশেষ প্ৰশিক্ষণ শিবিৰৰ। মুম্বাইত ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰ পৰ্যন্ত চলিব এই প্ৰশিক্ষণ শিবিৰ। তিনিদিনীয়াকৈ চলিব লগীয়া এই প্ৰশিক্ষণ শিবিৰত সকলো মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,510 other subscribers

Leave a comment

Leave a Reply