গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ উপস্থিতিত জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে ধেমাজি জিলাৰ বান নিয়ন্ত্ৰণ কৰাৰ বাবে আলোচনা কৰিবলৈ এখন বিশেষ বৈঠকত অংশ লয়। বৈঠকত বিশেষকৈ ধেমাজি জিলাৰ জীয়াধল নদীৰ বান স্থায়ীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়।

জীয়াধল নদী খননৰ জড়িয়তে নদীখনৰ সম্ভাব্য বানপানীৰ পৰা অঞ্চলবাসীক পৰিত্ৰাণ দিব পৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি এই বিষয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ লোৱা হয় বৈঠকত। ধেমাজি জিলাত অসমৰ ভিতৰতে সৰ্বাধিক বানে ক্ষতি কৰে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই যিকোনো উপায়েৰে জিলাখনক বানমুক্ত কৰিব লাগিব বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ তথা জিলাখনৰ নদীসমূহৰ বানপানী সমস্যা অধ্যয়ন কৰিবলৈ বিভাগটোৰ বিশেষজ্ঞ অভিযন্তাৰ দল এটা গঠন কৰিবলৈও বিভাগীয় বিষয়াক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

লগতে পঢ়ক : অসমত ফ্লপ শ্ব’ত পৰিণত বিস্তাৰিত টীকাকৰণ অভিযান; স্বাস্থ্য বিষয়াৰ মতে ভেকচিনৰ নাটনি

বৈঠকৰ আৰম্ভণিতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে জীয়াধল আৰু ধেমাজিৰ অন্যান্য নদীসমূহৰ প্ৰকৃতিৰ বিষয়ে মন্তব্য আগবঢ়ায়। আনহাতে বৈঠকতে দেশৰ বিভিন্ন ৰাজ্যত নদী খননৰ অভিজ্ঞতাৰে পুষ্ট দল এটাই জীয়াধল নদীৰ খননৰ বিষয়ে তেওঁলোকৰ পৰামৰ্শ আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply