কোকৰাঝাৰ: অসমত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী। কোকৰাঝাৰত তিনিজন লোকে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ওপৰত দলবদ্ধ ধৰ্ষণকাণ্ড সংঘটিত কৰে। ইয়াৰ দুগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মঙলবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষীয়ে জনোৱা মতে সোমবাৰে নিশা সোমবাৰে নিশা কোকৰাঝাৰ জিলাৰ ঢোলমৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে সমীপৰ এখন দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয়।
কিশোৰী গৰাকীৰ পিতৃয়ে কোকৰাঝাৰ আৰক্ষী থানাত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰে।
‘’ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনজন অভিযুক্তৰ সন্ধানত অভিযান চলাই আছো,’’ বিষয়াজনে কয়।
সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)কে ধৰি বিভিন্ন সংগঠনে উক্ত ধৰ্ষণকাণ্ডত জড়িত থকা আটাইকেইজন দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক – বটদ্ৰৱা কাণ্ডত অভিভাৱকহীন হোৱা ৬শিশুক উদ্ধাৰ নগাঁও চাইল্ড লাইনৰ